নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধীৰ সমষ্টি ৱায়ানাড়ৰ ৪ নেতাৰ পদত্যাগ

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ কেৰালা বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত কংগ্রেছ দলত মোক্ষম আঘাত৷ কংগ্রেছৰ প্রাক্তন সভাপতি তথা বর্তমান কেৰালাৰ ৱায়ানাড় সমষ্টিৰ সাংসদ ৰাহুল গান্ধীৰ সমষ্টিৰেই চাৰিগৰাকী জ্যেষ্ঠ নেতাই পদত্যাগ কৰে৷

সপ্তাহটোৰ ভিতৰত কেৰালা প্রদেশ কংগ্রেছ কমিটীৰ সদস্য কে কে বিশ্বনাথন, সম্পাদক এম এছ বিশ্বনাথন, ডি চি চিৰ সাধাৰণ সম্পাদক পি কে অনিল কুমাৰ আৰু মহিলা কংগ্রেছ নেত্রী সুজয়া ভেনুগোপালে পদত্যাগ কৰিছে৷

প্রদেশ কংগ্রেছৰ নেতাই অৱহেলা কৰাৰ অভিযোগ তুলি কে পি চি চিৰ সম্পাদক এম এছ বিশ্বনাথনে পদত্যাগ কৰা বুলি ঘোষণা কৰিছে৷ উল্লেখ্য যে ৰাহুল গান্ধীৰ সমষ্টি থকা জিলাখনৰেই চাৰিজনকৈ জ্যেষ্ঠ নেতাই কংগ্রেছ দল ত্যাগ কৰি আন দলত যোগদান কৰা বিষয়টোৱে কংগ্রেছক শ’লঠেকত পেলোৱাটো নিশ্চিত৷

গুৰুত্বপূর্ণ যে ৰাহুল গান্ধীয়ে বিগত লোকসভা নির্বাচনত আমেথিত পৰাজিত হৈছিল৷ অৱশ্যে ৱায়ানাড়ৰ পৰা নির্বাচিত হৈছিল৷

You might also like