নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমনৱেলথ গেমছত আজি যুঁজত নামিব অসমৰ চাৰি ক্রীড়াবিদ

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ বৃহস্পতিবাৰৰ পৰা বার্মিংহামত আৰম্ভ হৈছে কমনৱেলথ গেমছ ২০২২৷ বার্মিংহামৰ আলেকজেণ্ডাৰ ষ্টেডিয়ামত কালি জাকমকতাপূর্ণ উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়৷ প্রতিযোগিতাখনত ৭২ দেশৰ ৫ হাজাৰৰো অধিক ক্রীড়াবিদে অংশগ্রহণ কৰিছে৷ ভাৰতৰ ১১৫গৰাকী ক্রীড়াবিদে ১৬টা ইভেণ্টত প্রতিদ্বন্দ্বিতাত নামিব৷

বিগত কমনৱেলথ গেমছত ভাৰতে ২৬টা স্বর্ণ, ২০টা ৰূপ আৰু ২০টা ব্রঞ্জসহ মুঠ ৬৬টা পদক অর্জন কৰিবলৈ সক্ষম হৈছিল৷ অৱশ্যে এইবাৰ প্রতিযোগিতাখনত শ্বুটিং ইভেণ্ট নথকাত ভাৰতৰ পদকৰ সংখ্যা হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ সদ্যসমাপ্ত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অর্জন কৰা ভাৰতৰ স্বর্ণপুত্র আঘাতৰ বাবে বাদ পৰাত ভাৰতৰ এটা নিশ্চিত পদক হ্রাস পাইছে৷ সন্মানজনক প্রতিযোগিতাখনত অসমৰ ৭গৰাকী ক্রীড়াবিদ আৰু এগৰাকী প্রশিক্ষকে অংশগ্রহণ কৰিব৷ এই ক্রীড়াবিদকেইগৰাকী হ’ল লন বলত মৃদুল বৰগোহাঁই, টানিয়া চৌধুৰী, নয়নমণি শইকীয়া, বক্সিঙত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা, ভাৰত্তোলনত পপী হাজৰিকা৷ আনহাতে, বক্সিং দলৰ সহকাৰী প্রশিক্ষক ৰূপে বার্মিংহামলৈ গৈছে প্রণামিকা বৰা৷

উল্লেখ্য যে কাইলৈ লন বলত মৃদুল, টানিয়া আৰু নয়নমণিয়ে অভিযান আৰম্ভ কৰিব৷ তদুপৰি পুৰুষৰ বক্সিঙত শিৱ থাপাই প্রথম ৰাউণ্ডত পাকিস্তানী খেলুৱৈ চুলেমান বালছৰ বিপক্ষে অৱতীর্ণ হ’ব৷

You might also like