নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিসাগৰ নদীৰ দলঙত অঘটন, দুৰ্ঘটনাত ৯ লোকৰ মৃত্যু

দলংখন ১৯৮৫ চনত নিৰ্মাণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ইতিমধ্যে প্ৰযুক্তিগত বিশেষজ্ঞৰ দল ঘটনাস্থললৈ পঠিয়াই তদন্তৰ নিৰ্দেশ দিছে।

দলঙত অঘটন : গুজৰাটৰ মহিসাগৰ নদীৰ ওপৰত নিৰ্মিত দলং এখন আজি খহি পৰিছে। দলংখন খহি পৰাৰ ফলত এতিয়ালৈকে ৫খন বাহন নদীৰ মাজত ডুব  গৈছে। এই দুৰ্ঘটনাত ৯ লোকৰ মৃত্যু হৈছে আৰু কেইবাজনক উদ্ধাৰ কৰা হৈছে। দলংখন ১৯৮৫ চনত নিৰ্মাণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ইতিমধ্যে প্ৰযুক্তিগত বিশেষজ্ঞৰ দল ঘটনাস্থললৈ পঠিয়াই তদন্তৰ নিৰ্দেশ দিছে।

দলং খহাৰ বিষয়ে পথ আৰু ভবন বিভাগৰ সচিবে কৈছে, “গম্ভীৰা দলং ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে, যাৰ বাবে এই দুৰ্ঘটনাটো ঘটিল। এটা বিশেষজ্ঞৰ দল ইতিমধ্যে ঘটনাস্থললৈ পঠিওৱা হৈছে।”

সতৰ্কবাণী দিয়াৰ পাছতো চলাচল বন্ধ কৰা নহ’ল

দলংখন ভাঙি ৫খন বাহন পৰি গৈছে, যাৰ ভিতৰত ২খন ট্রাক সম্পূৰ্ণৰূপে নদীত পৰি গৈছে আৰু এখন টেংকাৰ আধাখিনি নদীৰ কাষত জাপ খাই ৰ’ল। দলং খহি পৰাৰ লগে লগে স্থানটোত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।

উল্লেখযোগ্য যে এই দলং ১৯৮১ চনত নিৰ্মাণ কৰি ১৯৮৫ চনত চলাচলৰ বাবে খোলা হৈছিল, কিন্তু সময়ৰ সৈতে ই অতি জৰ্জৰ হৈ পৰিছিল। স্থানীয় বিধায়ক চৈতন্য সিং ঝালাই এই দলঙৰ বিপদজনক অৱস্থাৰ বিষয়ে আগতেই চৰকাৰক সতর্ক কৰিছিল আৰু এখন নতুন দলং নিৰ্মাণৰ দাবী জনাইছিল। তথাপি দলঙত বাহনৰ চলাচল বন্ধ কৰা হোৱা নাছিল। এতিয়া চৰকাৰে ২১২ কোটি টকাৰ ব্যয়েৰে এখন নতুন দলং নিৰ্মাণৰ অনুমোদন দিছে আৰু ইয়াৰ বাবে সমীক্ষাও সম্পূৰ্ণ হৈছে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তদন্ত আৰম্ভ

ঘটনাটোৰ গম্ভীৰতা উপলদ্ধি কৰি মুখ্যমন্ত্ৰীয়ে প্ৰযুক্তিগত বিশেষজ্ঞৰ দলক ঘটনাস্থললৈ পঠিয়াই তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। দুৰ্ঘটনাৰ পাছতেই বিষয়াসকল সক্ৰিয় হয় আৰু নদীত পৰি যোৱা বাহন উদ্ধাৰৰ কাম আৰম্ভ হয়। লগতে মৃতদেহ উদ্ধাৰ কৰা আৰম্ভ হয়।

এই ঘটনাটোৱে পুনৰ একবাৰ পুৰণি আৰু দুৰ্বল অৱকাঠামোৰ ওপৰত প্ৰশ্ন তুলি দিছে। যদি সময়মতে বাহনৰ চলাচল বন্ধ কৰা হৈছিল আৰু নতুন দলঙৰ কাম আৰম্ভ কৰা হৈছিল, তেন্তে এই শোকাৱহ দুৰ্ঘটনাটো হয়তো ৰক্ষা কৰিব পাৰিলেহেঁতেন। এতিয়া চাই থাকিব লাগিব যে তদন্ত প্ৰতিবেদনত কি আহে আৰু দোষীৰ বিৰুদ্ধে কিদৰে ব্যৱস্থা গ্ৰহণ কৰা হয়।

Niyomiya Barta Desk, Date of Published, 9 July, 2025

You might also like