নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলৰ পৰা কিয় বাদ পৰিল ‘সুস্থ’ ৰোহিত শর্মাঃ বি চি চি আইক প্রশ্ন গাভাস্কাৰৰ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ অষ্ট্রেলিয়া ভ্রমণৰ পৰা টীম ইণ্ডিয়াৰ তাৰকা ৰোহিত শর্মা বাদ পৰাক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰিছে সুনীল গাভাস্কাৰে৷ কিংবদন্তি বেটছমেনগৰাকীয়ে ৰোহিতৰ আঘাতৰ ৰহস্য ৰাজহুৱা কৰিবলৈ বি চি চি আইক  আহ্বান জনাইছে৷ ষ্টাৰ স্প’টছৰ এক অনুষ্ঠানত তেওঁ কৈছে যে আঘাতৰ বাবে ৰোহিতক ভাৰতীয় দলৰ পৰা বাদ দিয়াৰ সময়তে বেটছমেনগৰাকী সুস্থ হৈ অনুশীলনলৈ উভতিছে৷

ৰোহিত যদি আই পি এলত খেলিব পৰাকৈ সুস্থ হৈ উঠিছে, তেন্তে তেওঁক ভাৰতীয় দলত কিয় ৰখা নহ’ল? বি চি চি আয়ে দেশৰ ক্রিকেট অনুৰাগীক ৰোহিতৰ আঘাতৰ বিষয়ে স্পষ্টকৈ বিবৃতি আগবঢ়োৱা উচিত৷ দল গঠনৰ ক্ষেত্রত স্বচ্ছতা বর্তাই ৰখা উচিত বুলিও সুনীল গাভাস্কাৰে তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷

মন কৰিবলগীয়া যে হেমষ্ট্রিঙৰ আঘাতৰ বাবে ৰোহিতে আই পি এলৰ শেহতীয়া দুখন মেচ খেলিব পৰা নাই৷ কিন্তু তেওঁ ক্রমাৎ সুস্থ হৈ উঠিছে আৰু ইতিমধ্যে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত অনুশীলন আৰম্ভ কৰিছে৷ কিংছ একাদশ পঞ্জাবৰ অ’পেনাৰ মায়ংক আগৰৱালেও আঘাতৰ বাবে আই পি এলৰ দুখন মেচ খেলিব পৰা নাই যদিও তেওঁক কিয় ভাৰতীয় দলত অন্তর্ভুক্ত কৰা হ’ল বুলিও গাভাস্কাৰে প্রশ্ণ উত্থাপন কৰিছে৷

You might also like