নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত সন্ত্রাসবাদীৰ আক্রমণৰ শংকা, হাই এলার্ট জাৰি

 ১৮ পাকিস্তানীক সন্ত্রাসবাদী ঘোষণা কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত উৎসৱৰ সময়ছোৱাতে সন্ত্রাসবাদীৰ আক্রমণ সংঘটিত হোৱাৰ তথ্য চোৰাংচোৱাই লাভ কৰাৰ পিছতে মায়ানগৰী মুম্বাইত হাইএলার্ট জাৰি কৰা হৈছে৷ বাণিজ্যিক ৰাজধানী মুম্বাইত সন্ত্রাসবাদীয়ে ড্রোন, ৰিম’ট কণ্ড্র’লচালিত লঘু বিমান, পেৰাগ্লাইডার্ছকে ধৰি উৰন্ত সামগ্রীৰে আক্রমণ ঘটাব বুলি চোৰাংচোৱাই তথ্য লাভ কৰাৰ লগে লগে সমগ্র চহৰখনত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷

হাইএলার্ট জাৰি কৰি চহৰখনৰ আকাশত ড্রোন, ৰিম’ট কণ্ড্র’লচালিত লঘু বিমান পেৰাগ্লাইডার্ছকে ধৰি উৰন্ত সামগ্রীত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ এই নিষেধাজ্ঞা ২৮ নৱেম্বৰলৈকে চলি থাকিব৷ উল্লেখ্য যে সন্ত্রাসবাদীয়ে ভিআইপি বসবাস কৰি থকা অঞ্চলত আক্রমণ কৰাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি এনে অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷

ইফালে, মুম্বাই বোমা বিস্ফোৰণৰ মূল খলনায়ক আণ্ডাৰৱর্ল্ড ডন ডাউদ ইব্রাহিমৰ সোঁহাতস্বৰূপ টাইগাৰ মেনন, ছোটা ছাকিলসহ ১৮ পাকিস্তানী সন্ত্রাসবাদী হিচাপে ঘোষণা কৰিলে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ বেআইনী কার্যকলাপ (প্রতিৰোধ) আইন (ইউএপিএ)–১৯৬৭ৰ অধীনত ১৮ পাকিস্তানী সন্ত্রাসবাদীক কেন্দ্রীয় গৃহ মন্ত্রালয়ে সন্ত্রাসবাদীৰ তালিকাত অন্তর্ভুক্ত কৰিলে৷

ইউএপিএৰ অধীনত সন্ত্রাসবাদী হিচাপে ঘোষণা কৰা তালিকাত টাইগাৰ মেনন, ছোটা ছাকিলৰ লগতে নিষিদ্ধ সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ ছালাহউদ্দিন, ইণ্ডিয়ান মুজাহিদীনৰ প্রতিষ্ঠাতা ভাটকল ভাতৃদ্বয়, ১৯৯৯ চনত ভাৰতীয় বিমান অপহৰণত জড়িত আব্দুল ৰোফ আছগৰ, ইব্রাহিম আথাৰ আৰু ইউছুফ আজাহৰ, পাকিস্তানস্থিত সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাৰ কমাণ্ডাৰ ছাজিদ মিৰ, ইউছুফ মুজাম্মিল, ২৬/১১ মুম্বাই আক্রমণত জড়িত আব্দুৰ ৰেহমান মাক্কি, বিভিন্ন সন্ত্রাসবাদী কার্যকলাপত জড়িত ছাজিদ মেহমুদ, ফাৰহাতুল্লা ঘোৰী, ছাজিদ লতিফ, চৈয়দ মহম্মদ ইউছুফ ছাহ, গোলাম নবী খান, ৰিয়াজ ইছমাইল শ্বাহ বানৰি, মহম্মদ ইকবাল, মহম্মদ আনিছ শ্বেইখ, জাভেদ ছিকনা৷

কেন্দ্রীয় গৃহ মন্ত্রালয়ে প্রকাশ কৰা মতে, সন্ত্রাসবাদী হিচাপে ঘোষণা কৰা এই সন্ত্রাসবাদীকেইটাই দেশৰ শান্তি বিঘ্ণিত কৰাৰ লগতে সীমান্তত সন্ত্রাসবাদৰ বিভিন্ন কূটাঘাত কার্যকলাপত জড়িত৷ বিবৃতিত প্রকাশ পোৱা মতে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সন্ত্রাসবাদৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিক বাহাল ৰখাৰ স্বার্থতে উল্লিখিত সন্ত্রাসবাদীকেইটাক ৱাণ্টেড সন্ত্রাসবাদীৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে৷

You might also like