নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হার্দিকক কঠোৰ সমালোচনা গাভাস্কাৰৰ

🔹 জঘন্য বলিঙৰ লগতে নিকৃষ্টমানৰ নেতৃত্ব

বিশেষ বাৰ্তা, ১৬ এপ্রিল : ৱাংখেড়েত চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত হোৱাৰ পিছত পুনৰ কঠোৰ সমালোচনাৰ সন্মুখীন হ’ল মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হার্দিক পাণ্ডিয়া৷ কিংবদন্তি ক্রিকেটাৰ সুনীল গাভাস্কাৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ বলিং আৰু নেতৃত্বক অতি সাধাৰণ বুলি অভিহিত কৰে৷ দেওবাৰে চেন্নাইৰ বিৰুদ্ধে খেলা মেচখনত অন্তিম অভাৰত বলিং কৰিবলৈ আহিছিল হার্দিক পাণ্ডিয়াই৷ সেই অভাৰটোত মুম্বাইৰ অধিনায়কগৰাকীয়ে মুঠ ২৬ ৰান খৰচ কৰে৷ মেচখনত ২০ ৰানত পৰাস্ত হয় মুম্বাই ইণ্ডিয়ানছ৷ মেচখনৰ প্রথম ইনিংছৰ হার্দিকৰ অন্তিম অভাৰত মহেন্দ্র সিং ধোনীয়ে ক্রমাগত তিনিটা ছয় কোবায়৷ শেষৰ চাৰিটা বলত ধোনীয়ে ২০ ৰান সংগ্রহ কৰে৷ মেচখনৰ বিৰতিৰ সময়ত গাভাস্কাৰে সম্প্রচাৰ চেনেলত হার্দিক পাণ্ডিয়াক কঠোৰ সমালোচনা কৰি কয় যে হয়তো বহুদিনৰ পিছত বলিঙৰ ইমান ঘৃণনীয় গুণ দেখিছোঁ৷ যেন তেওঁ নিজৰ প্রিয় গুৰুক দক্ষিণা দিছে৷ ছয় মাৰিব বুলি জানিও তেওঁ তেনেকৈয়ে বলটো দি আছিল৷ ইপিনে, ইংলেণ্ডৰ প্রাক্তন তাৰকা বেটাৰ কেভিন পিটাৰছেনেও হার্দিকৰ অধিনায়কত্বক সমালোচনা কৰে৷ শ্রেয়াছ গোপালক এটা অভাৰৰ পিছত বল কৰিবলৈ নিদিয়াৰ বাবেও প্রশ্ণ উত্থাপন কৰে৷ কিন্তু হার্দিক পাণ্ডিয়াৰ প্রতি গাভাস্কাৰ আছিল অতি নির্দয়৷ তেওঁ লগতে কয় যে অতি জঘন্য বলিঙৰ লগতে অতি নিকৃষ্ট অধিনায়কত্বও৷

You might also like