নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলুকা ভাস্কৰ্যৰে অসমবাসীলৈ বিহুৰ শুভেচ্ছা ঢেকীয়াজুলিৰ ৰঞ্জন শইকীয়াৰ

বিশেষ বাৰ্তা, ১৬ এপ্ৰিল : ঢেকীয়াজুলিৰ গাভৰু নৈৰ বালিচৰৰ পৰা বলুকা ভাস্কৰ্যৰ জৰিয়তে অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনায় বলুকা শিল্পী তথা লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ বিদ্যালয়ৰ শিক্ষক ৰঞ্জন শইকীয়াই ৷ গাভৰু নৈৰ বালিচৰত অসমৰ জাতীয় উৎসৱ ব’হাগ বিহুৰ লগত অভিন্ন সম্পৰ্ক থকা কপৌফুল, অসমীয়া লোকবাদ্য ঢোল, পেঁপা, অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ বৰজাপি, ফুলাম গামোচা নিৰ্মাণ কৰি অসমবাসী ৰাইজক বলুকা ভাস্কৰ্যৰ জৰিয়তে শিল্পী ৰঞ্জন শইকীয়াই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । শিল্পী ৰঞ্জন শইকীয়াক বলুকা ভাস্কৰ্য নিৰ্মাণত সহযোগিতা আগবঢ়ায় সহকৰ্মী শিক্ষক ঘনশ্যাম নেপাল, ৰাজুমণি দাস, পৰেশ নাথৰ লগতে কুলেশ দাস, দীপাংকৰ চুণ্ডীয়ে। উল্লেখ্য যে এনেদৰে শ্বহীদ নগৰী ঢেকীয়াজুলিৰ সু-সন্তান, বিশিষ্ট চিত্ৰশিল্পী হিচাপে পৰিচিত ৰঞ্জন শইকীয়াই বলুকা শিল্পৰ জৰিয়তে বিশ্বখ্যাত মহান মনীষীসকল তথা জগতগুৰু, বীৰ শ্বহীদসকলক বলুকাত অংকন কৰাৰ লগতে প্লাষ্টিক প্ৰদূষণ ৰোধ, জৈৱ-বৈচিত্ৰ্য ৰক্ষা সন্দৰ্ভত সজাগতামূলক বলুকা শিল্প, ক’ভিডৰ জটিল পৰিস্থিতিৰ সময়ছোৱাত সজাগতামূলক বলুকা শিল্পৰ লগতে এশৰো অধিক ভিন্ন সজাগতামূলক বলুকা শিল্প নিৰ্মাণ কৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দি ৰাজ্যজুৰি সমাদৃত হৈছিল। বিশিষ্ট বলুকা শিল্পী হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা শিল্পী ৰঞ্জন শইকীয়াৰ আছে আন এক বিৰল প্ৰতিভা ৷ চক শিল্পত অৰ্থাৎ ডেৰ-দুই ইঞ্চি দৈৰ্ঘ্যৰ চক মাটিত জীৱন্ত প্ৰতিকৃতি নিৰ্মাণ কৰিও ৰাজ্যজুৰি সমাদৰ লাভ কৰিছে শিল্পী ৰঞ্জনে ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like