নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিল : অশোকাষ্টমীৰ উলহ-মালহৰ মাজতে আজি পুৱতি নিশা সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত ধুবুৰীৰ গৌৰীপুৰত এগৰাকী যুৱতীসহ চাৰিচকীয়া বাহন এখনৰ মুঠ চাৰিগৰাকী লোকৰ মৃত্যু ঘটনাই শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, গুৱাহাটীৰ পৰা ধুবুৰীমুখী এ এছ- ০১ বিপি-১৫৫৭ নম্বৰৰ এখন চাৰিচকীয়া বাহনে ধুবুৰী গৌৰীপুৰৰ বটেৰতলৰ সমীপৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এডাল গছত খুন্দা মাৰে। ফলত বাহনখনৰ চাৰিগৰাকী যাত্ৰীৰে থিতাতে মৃত্যু হয়। মৃত কেউগৰাকী ধুবুৰীৰ সাহিল আহমেদ (২১), সাহিদ খন্দকাৰ (২২) আৰু নুৰ আমিন (২১) বুলি পৰিচয় উদ্ধাৰ হোৱাৰ বিপৰীতে মৃত যুৱতীগৰাকী ধুবুৰীৰ গৌৰীপুৰৰ বনশ্ৰী শীল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like