নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট অধিনায়কৰূপে অভিষেক শৃংখলাতেই বিশ্বৰেকৰ্ড ভঙাৰ সম্ভাৱনা গিলৰ

অন্তিম মেচখনত তেওঁ ৫টা ডাঙৰ ৰেকৰ্ড ভাঙিব পৰা সম্ভাৱনাৰ সন্মুখীন। যিবোৰ ৰেকৰ্ড এম. এছ. ধোনি, বিৰাট কোহলী, ৰোহিত শৰ্মাৰ দৰে দিগ্গজ খেলুৱৈয়ে নিজৰ সমগ্ৰ ক্ৰিকেট জীৱনতো ভাঙিব পৰা নাছিল, সেইবোৰ গিলে এই শৃংখলাটোত গঢ়িব পাৰে।

গিলৰ বিশ্বৰেকৰ্ড : ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাটো শুভমন গিলৰ টেষ্ট অধিনায়কৰূপে প্ৰথমটো শৃংখলা, যাৰ অন্তিমখন খেল ৩১ জুলাই তাৰিখে “দা অ’ভেল” ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব। গিলে এই শৃংখলাতে বহুতো ৰেকগিলৰ হাতত ইতিহাস গঢ়াৰ সুযোগৰ্ড গঢ়িছে, আৰু এতিয়া অন্তিম মেচখনত তেওঁ ৫টা ডাঙৰ ৰেকৰ্ড ভাঙিব পৰা সম্ভাৱনাৰ সন্মুখীন। যিবোৰ ৰেকৰ্ড এম. এছ. ধোনি, বিৰাট কোহলী, ৰোহিত শৰ্মাৰ দৰে দিগ্গজ খেলুৱৈয়ে নিজৰ সমগ্ৰ ক্ৰিকেট জীৱনতো ভাঙিব পৰা নাছিল, সেইবোৰ গিলে এই শৃংখলাটোত গঢ়িব পাৰে।

এটা টেষ্ট শৃংখলাত ভাৰতীয় অধিনায়কৰ ৰূপত আটাইতকৈ বেছি ৰান

১৯৭৮ চনত সুনীল গাভাস্কাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৭৩২ ৰান কৰিছিল। তেতিয়াৰ পৰা এতিয়ালৈকে কোনো ভাৰতীয় অধিনায়কে সেই ৰেকৰ্ড ভাঙিব পৰা নাই। গিলে কেৱল ১১ ৰান কৰিলেই ৪৭ বছৰৰ পুৰণি এই ৰেকৰ্ড ভাঙিব। এতিয়ালৈকে গিলে খেলি থকা ৪খন মেচত ৭২২ ৰান কৰিছে।

বিদেশৰ মাটিত এটা টেষ্ট শৃংখলাত অধিনায়কৰূপে আটাইতকৈ বেছি ৰান

বিদেশত অধিনায়ক হিচাপে টেষ্ট শৃংখলাত আটাইতকৈ বেছি ৰান কৰাৰ ক্ষেত্ৰতো গিল এগৰাকী প্ৰতিদ্বন্দ্বী। ১৯৬৬ চনত গেৰী ছ’বাৰ্ছে ৭২২ ৰান কৰিছিল। গিল এতিয়া তেওঁৰ সমান হৈ গৈছে— ১ ৰান কৰিলে গিলে এই ৰেকৰ্ডো ভাঙিব।

এটা টেষ্ট শৃংখলাত ভাৰতীয় খেলুৱৈৰ হিচাপে আটাইতকৈ বেছি ৰান

এইক্ষেত্ৰতো সুনীল গাভাস্কাৰেই আগশাৰীত — ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁ ৭৭৪ ৰান কৰিছিল। গিলে যদি ৫৩ ৰান কৰে, তেন্তে তেওঁ এই ৰেকৰ্ড ভাঙি প্ৰথম স্থানত উঠিব।

এটা টেষ্ট শৃংখলাত অধিনায়কৰূপে আটাইতকৈ বেছি শতক

শুভমন গিলে এতিয়ালৈকে ৪টা শতক কৰি ডন ব্রেডমেন আৰু সুনীল গাভাস্কাৰেৰে সমতা স্থাপন কৰিলে। যদি তেওঁ আকৌ এটা শতক কৰে, তেন্তে তেওঁ ক্লাইড ৱালকটৰ সমান হ’ব। যদি তেওঁ দুয়োটা ইনিংছতেই শতক কৰে, তেন্তে তেওঁ এককভাৱে শীৰ্ষত উঠিব।

অধিনায়কৰূপে এটা টেষ্ট শৃংখলাত আটাইতকৈ বেছি ৰান

এই ৰেকৰ্ড আছে ১৯৩৬ চনত ডন ব্রেডমেনৰ নাম— তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে ৮১০ ৰান কৰিছিল। গিলৰ হাতত ২টা ইনিংছ আছে— যদি তেওঁ ৮৯ ৰান কৰে, তেন্তে গিলে ৯০ বছৰৰ পুৰণি ৰেকৰ্ড ভাঙিব।

Niyomiya Barta Desk, 30 July, 2025

You might also like