ছুনামিৰ মহাসংকেত : আমেৰিকাৰ আলাস্কা, হাৱাই, কেলিফোৰ্নিয়াত আতংক
ৰাষ্ট্ৰীয় চেনেল প্ৰতিবেদন অনুসৰি, এই তথ্য ভাৰ্জিনিয়া টেক বিশ্ববিদ্যালয়ৰ গৱেষণাত পোৱা গৈছে। এই গৱেষণা 'Proceedings of the National Academy of Sciences' নামৰ আমেৰিকান বৈজ্ঞানিক আলোচনীতো প্ৰকাশ পাইছে।
ছুনামিৰ মহাসংকেত : ৰাছিয়াৰ কামচাটকাত ভূমিকম্পৰ পাছতে এতিয়া ছুনামি সম্ভাৱনা প্ৰকট হৈছে। কেৱল ৰাছিয়াতে নহয়, আমেৰিকা আৰু জাপানতো আশংকা বৃদ্ধি পাইছে। গৱেষকসকলে সতৰ্কবাণী জাৰি কৰি কৈছে– যদি ক্যাস্কেডিয়া ছাবডাকশ্যন জোনত এটা ডাঙৰ ভূমিকম্প হয়, তেন্তে এই ছুনামিয়ে আমেৰিকাৰ বৃহৎ অঞ্চল প্ৰভাৱিত কৰিব পাৰে। পেচিফিক নৰ্থৱেষ্ট, আলাস্কা আৰু হাৱাই ছুনামিৰ প্ৰভাৱৰ সন্মুখীন হ’ব পাৰে।
ৰাষ্ট্ৰীয় চেনেল প্ৰতিবেদন অনুসৰি, এই তথ্য ভাৰ্জিনিয়া টেক বিশ্ববিদ্যালয়ৰ গৱেষণাত পোৱা গৈছে। এই গৱেষণা ‘Proceedings of the National Academy of Sciences’ নামৰ আমেৰিকান বৈজ্ঞানিক আলোচনীতো প্ৰকাশ পাইছে।
আগন্তুক ৫০ বছৰত বৃহৎ ছুনামিৰ সম্ভাৱনা
গৱেষণাত অনুমান কৰা হৈছে যে আগন্তুক ৫০ বছৰত এই অঞ্চলত ৮ তীব্ৰতাৰ ওপৰৰ ভূমিকম্প হোৱা সম্ভাৱনা ১৫%। এনে ভূমিকম্পৰ ফলত সমুদ্র উপকূলৰ অঞ্চলসমূহ ৬.৫ ফুট পৰ্যন্ত ডুবি যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এনে পৰিস্থিতিত ভয়ংকৰ ছুনামি সৃষ্টি হ’ব পাৰে।
ক্যাস্কেডিয়া ছাবডাকশ্যন জোন : কেনে অঞ্চল?
এই ৬০০ মাইল দীঘল ফ’ল্ট লাইনখন উত্তৰ কেলিফোৰ্নিয়াৰ পৰা কানাডাৰ ভেংকুভাৰ দ্বীপলৈ বিস্তৃত। ইয়াতে জুৱান ডে ফুকা প্লেট নামৰ এক প্লেট উত্তৰ আমেৰিকান প্লেটৰ তলত সৰি গৈ আছে। এই ভৌগোলিক গঠনটোত মেগাথ্ৰাষ্ট ভূমিকম্পৰ সম্ভাৱনা বিশেষকৈ বেছি, যি ছুনামি সৃষ্টি কৰিব পাৰে বুলি বিজ্ঞানীৰ বিশ্বাস।
ক’ত সৰ্বাধিক বিপদ?
গৱেষণাত কোৱা হৈছে যে উত্তৰ কেলিফোৰ্নিয়া, উত্তৰ অ’ৰেগন আৰু দক্ষিণ ৱাশিংটন অঞ্চলসমূহ সৰ্বাধিক ছুনামিৰ বিপদত থকা এলেকা। আলাস্কা আৰু হাৱাইয়ো সজীৱ ভূকম্প আৰু জ্বালামুখীৰ বাবে বিপদগ্ৰস্ত অঞ্চল।
কামচাটকাত তীব্ৰ ভূমিকম্প
আজি ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৮.৭ তীব্ৰতাৰ এক প্ৰবল ভূমিকম্প অনুভৱ কৰা যায়। এই ভূমিকম্পৰ পাছত চীন, পেৰু, ইকুৱেডৰ আদিৰ লগতে পেচিফিক মহাসাগৰীয় অঞ্চলৰ বহু দেশৰ উপকূলত ছুনামি সতৰ্কবাণী জাৰি কৰা হয়। ফলত সমগ্ৰ পেচিফিক অঞ্চলত তীব্ৰ চিন্তা আৰু উদ্বেগ দেখা দিছে।
ভূমিকম্পৰ কেন্দ্ৰ আছিল পেট্ৰোপাভলভস্ক-কামচাটস্কি চহৰৰ পৰা প্ৰায় ১১৯ কিমি দূৰত, যি ১.৮ লাখ জনসংখ্যাৰ ৰাছিয়াৰ এটা গুৰুত্বপূৰ্ণ চহৰ। ভূমিকম্পৰ পাছতে ৰাছিয়া, জাপান, আমেৰিকা (হাৱাই আৰু আলাস্কা), অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু বহু দ্বীপ দেশত ছুনামিৰ তৎকালীন সতৰ্কবাণী জাৰি কৰা হয়।
Niyomiya Barta Desk, 30 July, 2025