নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটালীৰ গ’লকীপাৰ জিয়ানলুইগিলৈ গ’ল্ডেন বলঃ ৰ’নাল্ডোৱে লাভ কৰিলে গ’ল্ডেন বুট

নিয়মীয়া বাৰ্তা, ১৩ জুলাই: ইউৰো কাপৰ খিতাপ অক্ষুণ্ণ ৰাখিব নোৱাৰিলেও পর্তুগালৰ অধিনায়ক ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে প্রতিযোগিতাখনত গ’ল্ডেন বুট লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰ’নাল্ডোৱে প্রতিযোগিতাখনত পাঁচটা গ’ল স্ক’ৰ কৰি সর্বাধিক গ’লদাতাৰূপে বিবেচিত হয় আৰু গ’ল্ডেন বুটৰ বঁটা লাভ কৰে৷

প্রতিযোগিতাখনৰ চাৰিখন মেচত অংশগ্রহণ কৰি ৰ’নাল্ডোৱে চাৰিটা গ’ল স্ক’ৰ কৰাৰ লগতে এটা গ’ল কৰাত সতীর্থক সহায় কৰাৰ বাবেই গ’ল্ডেন বুট লাভ কৰে৷ মন কৰিবলগীয়া যে চেক গণৰাজ্যৰ পেট্রিক চিকেও প্রতিযোগিতাখনত পাঁচটা গ’ল স্ক’ৰ কৰি ৰ’নাল্ডোৰ সৈতে সমতা স্থাপন কৰিছিল যদিও সতীর্থক গ’ল কৰাত সহায় কৰাৰ বাবে ৰ’নাল্ডোৱে এই বঁটা লাভ কৰে৷

ইপিনে, চেম্পিয়ন ইটালীৰ গ’লৰক্ষক জিয়ানলুইগি ড’নাৰুম্মাই প্রতিযোগিতাখনৰ শ্রেষ্ঠ খেলুৱৈ বিবেচিত হৈ গ’ল্ডেন বল লাভ কৰে৷ যোৱানিশা হৈ যোৱা খিতাপ যুঁজৰ মেচখনত ইংলেণ্ডৰ দুটাকৈ পেনাল্টী শ্বট ৰক্ষা কৰি নায়কৰ শাৰীলৈ পর্যবসিত হৈছিল ড’নাৰুম্মা৷

You might also like