নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাট বিধানসভা নিৰ্বাচনঃ বিজেপিৰ টিকট লৈ ৰাজনীতিত প্ৰৱেশ ৰবীন্দ্ৰ জাদেজাৰ পত্নীৰ

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ: গুজৰাট বিধানসভাৰ নিৰ্বাচনলৈ মাজত এমাহ বাকী। ১ ডিচেম্বৰত অনুষ্ঠিত হ’ব গুজৰাটৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। বিজেপিয়ে গুজৰাট বিধানসভাৰ নিৰ্বাচনলৈ আজি প্ৰথম পৰ্যায়ৰ বাবে ৮৪ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। জামনগৰ উত্তৰৰ পৰা তাৰকা ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাডেজাৰ পত্নী ৰিভাবা জাদেজাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজেপিয়ে। যাৰ ফলত এই আসনখনৰ প্ৰতিযোগিতাখন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে।

উল্লেখ্য যে ২০১৯ চনত ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজায়ে বিজেপিত যোগদান কৰিছিল। ইয়াৰ বাহিৰেও তেওঁ বহু সামাজিক সংগঠনৰ সৈতে জড়িত।

ৰিভাবা জাদেজা মূলতঃ ৰাজকোটৰ। তেওঁৰ পিতৃ এজন সুপৰিচিত ব্যৱসায়ী। ৰিভাবাই ৰাজকোটৰ আটমিয়া ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড ছায়েন্সৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰিছে।

You might also like