নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথত জঁপিয়াই থকাৰ সময়তে মটৰচাইকেলৰ চকাত ফচিল বান্দৰ

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ: চলন্ত মটৰচাইকেলৰ সন্মুখেৰে জঁপিয়াই পাৰ হ’বলৈ গৈ মটৰচাইকেলৰ আগৰ চকাত ফচিবলগীয়া হ’ল এটা বান্দৰ৷ এই বান্দৰটোক উদ্ধাৰ কৰাৰ বাবে চেষ্টা চলাইছে এজন লোকে৷ এনে এক ঘটনাৰ ভয়ংকৰ দৃশ্য পোহৰলৈ অহাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি উত্তৰ প্রদেশৰ বৰাবাকী জিলাত এটা বান্দৰৰ জাক পথেৰে গৈ থকা সময়তে দুৰন্ত গতিত অহা মটৰচাইকেলৰ চকাত বন্দী হৈ পৰে বান্দৰটো৷ লগে লগে একাংশ লোকে বান্দৰটোক চকাৰ পৰা মুক্ত কৰিবলৈ চেষ্টা চলায় যদিও ব্যর্থ হয়৷ অৱশেষত মটৰচাইকেলৰ চকা খুলি বান্দৰটোক মুক্ত কৰা হয়৷ অৱশ্যে স্থানীয় লোকে দাবী কৰা অনুসৰি বান্দৰটো সুস্থ হৈ আছে৷

You might also like