হার্দিকৰ মেচ ফীতকৈও দাম বেছি প্রেমিকাই পৰিধান কৰা পোছাকৰ
নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : টীম ইণ্ডিয়াৰ অন্যতম শ্রেষ্ঠ অলৰাউণ্ডাৰ৷ বহুতে তেওঁক ভাৰতীয় দলটোৰ ‘ফেশ্বন আইকন’ বুলি কয়৷ হার্দিক পাণ্ডিয়াৰ চুলিৰ ষ্টাহল, টেটু বা হীৰা ষ্টাডেড কাণফুলিৰ বিষয়ে বিশেষ আলোচনা হোৱা নাই৷ এইবাৰ ‘হার্টথ্র’ব’ মাহিকা শর্মাক লৈ আলোচনা চলিছে৷ জন্মদিনৰ ‘ছানচেট ড্রেছ’ক লৈ চলিছে চর্চা ৷ সাজ–পোছাক যে ধুনীয়া হৈছে, তাত কোনো সন্দেহ নাই৷ অৱশ্যে ইয়াৰ দাম শুনি হয়তো বহুতে স্তম্ভিত হৈ পৰে৷
জানিব পৰা মতে, এই পোছাকৰ দাম হার্দিক পাণ্ডিয়াৰ টি–২০ৰ মেচ মাচুলতকৈ বেছি৷ মাহিকাৰ জন্মদিনৰ পোছাকযোৰ লণ্ডনৰ এটা কাপোৰ কোম্পানীৰ ‘ছানচেট ড্রেছ’৷ হার্দিকৰ প্রেমিকাৰ সাজ–পোছাকে সকলোৰে দৃষ্টি আকর্ষণ কৰিলে৷ এই পোছাকৰ দাম ৩ লাখ ৫৫ হাজাৰ ১৬১ টকা৷ টি–২০ মেচ খেলি হার্দিক পাণ্ডিয়াই লাভ কৰে প্রায় ৩ লাখ টকা৷ গতিকে তাৰ তুলনাত মাহিকাৰ সাজ–পোছাক বহুত বেছি দামী৷ পোছাকৰ দাম শুনি সকলোৰে চকু কপালত উঠিছে৷
২০২৪ চনত নাটাছা ষ্টেনকভিচৰ সৈতে বিচ্ছেদৰ পাছত মাহিকাৰ প্রেমত পৰে হার্দিক৷ ১৯ ফেব্রুৱাৰীত মাহিকাৰ আছিল জন্মদিন৷ এনে এক বিশেষ দিনত ‘বেতাজ বাদশ্বাহ’ হার্দিকে তেওঁৰ সৈতে এখন ঘনিষ্ঠ ছবি ইনষ্টাগ্রামত পোষ্ট কৰে৷