নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ভেকচিনৰ প্রথম পালি ড’জ ল’লে হিমাই

নিয়মীয়া বাৰ্তা, ৮ মে: ক’ভিড ভেকচিনৰ প্রথম পালি ড’জ ল’লে ভাৰতৰ তাৰকা মহিলা দৌৰবিদ হিমা দাসে৷ সম্প্রতি পাটিয়ালাস্থিত এন আই এছত অনুশীলন কৰি থকা ২১ বছৰীয়া অসমকন্যা হিমা দাসে  ক’ভিড ভেকচিনৰ প্রথম পালি ড’জ লয় আৰু ধিং এক্সপ্রেছগৰাকীয়ে টুইটাৰৰ জৰিয়তে আজি এই কথা সদৰী কৰে৷

উল্লেখ্য যে ক’ভিডৰ ভেকচিন লোৱা হিমা দাস হ’ল শীর্ষস্থানীয় ট্রেক এণ্ড ফিল্ডৰ প্রথমগৰাকী এথলীট৷ স্প্রিণ্টাৰগৰাকীয়ে সকলোকে ভেকচিন লোৱাৰ বাবে আহ্বান জনায়৷

You might also like