নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ ভাৰতীয় দল

নিয়মীয়া বাৰ্তা, ৮ মে: আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে আজি ভাৰতৰ ২০জনীয়া দলটো ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ছাউদাম্পটনত ১৮ জুনৰ পৰা নিউজিলেণ্ডৰ বিপক্ষে খেলিবলগীয়া ফাইনেল মেচখনৰ বাবে ঘোষিত দলটোলৈ প্রত্যাৱর্তন ঘটিছে পেচ বলাৰ মহম্মদ ছামি আৰু অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাৰ৷ অৱশ্যে অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ লগতে অ’পেনাৰ পৃথ্বি শ্ব আৰু পেচ বলাৰ ভুবনেশ্বৰ কুমাৰে ঘোষিত দলটোত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল৷ আঘাতৰ পৰা সম্পূর্ণ আৰোগ্য লাভ কৰাৰ বাবে জাদেজাক দলটোলৈ আমন্ত্রণ জনোৱা হৈছে বুলি বি চি চি আইৰ এক সূত্রত সদৰী৷

বিৰাট কোহলিৰ ওপৰতে দলটোৰ নেতৃত্ব অর্পণ কৰাৰ বিপৰীতে আজিংক্য ৰাহানেৰক সহঃ অধিনায়কৰ দায়িত্ব দিয়া হৈছে৷ ইপিনে, অভিমন্যু ঈশ্বৰন, প্রসিদ্ধ কৃষ্ণ, আৱেজ খান আৰু আৰজান নাগৱাছৱালাক ষ্টেণ্ডবাই খেলুৱৈ হিচাপে দলটোত ৰখা হৈছে৷ ঋদ্ধিমান সাহা আৰু কে এল ৰাহুলক ৰিজার্ভ উইকেটকীপাৰ হিচাপে ৰখা হৈছে৷ অলৰাউণ্ডাৰ অক্ষৰ পেটেলৰ লগতে ৱাশ্বিংটন সুন্দৰেও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনৰ বাবে ঘোষণা কৰা ২০জনীয়া দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

ফাইনেল মেচখনৰ বাবে ঘোষিত ভাৰতীয় ২০জনীয়া দলটো হ’ল– বিৰাট কোহলি (অধিনায়ক), আজিংক্য ৰাহানে (সহঃ অধিনায়ক), ৰোহিত শর্মা, শুভমন গীল, মায়ংক আগৰৱাল, শ্বেটেশ্বৰ পূজাৰা, হনুমা বিহাৰী, ঋষভ পণ্ট, ৰবিচন্দ্রন অশ্বিন, ৰবীন্দ্র জাদেজা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, যশপ্রীত বুমৰাহ, ঈশান্ত শর্মা, মহম্মদ ছামি, মহম্মদ চিৰাজ, ছার্দুল ঠাকুৰ আৰু উমেশ যাদৱ৷ ষ্টেণ্ডবাই খেলুৱৈসকল হ’ল– অভিমন্যু ঈশ্বৰন, প্রসিদ্ধ কৃষ্ণ, আৱেজ খান আৰু আৰজান নাগৱাছৱালা৷

You might also like