নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ক্রিকেটত বিনিয়োগ কৰিব শ্বাহৰুখ খানে

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ আমেৰিকা যুক্তৰাষ্ট্রত ক্রিকেটৰ বর্ধিত জনপ্রিয়তাৰ প্রতি আকর্ষিত হৈছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান৷ আই পি এলৰ অন্যতম সফল দল কলকাতা নাইট ৰাইডার্ছৰ সহঃস্বত্বাধিকাৰী শ্বাহৰুখে যথেষ্ট সম্ভাৱনাৰে ভৰা আমেৰিকাৰ ক্রিকেট ক্ষেত্রখনত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে৷

আমেৰিকান ক্রিকেট এণ্টাৰপ্রাইজেছৰ সৈতে কে কে আৰৰ সহঃস্বত্বাধিকাৰীগৰ এক দীর্ঘকালীন বিনিয়োগৰ পৰিকল্পনা হাতত লৈছে বুলি জানিব পৰা গৈছে৷ কলকাতা নাইট ৰাইডার্ছৰ এক সূত্রই  সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি আগন্তুক দিনত বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে আমেৰিকাত ক্রিকেটৰ বিকাশ আৰু মেজৰ ক্রিকেট লীগ মুকলি কৰাৰ ক্ষেত্রত অগ্রণী ভূমিকা গ্রহণ কৰিব৷ এইক্ষেত্রত তেওঁক সহযোগিতা আগবঢ়াইছে কলকাতা নাইট ৰাইডার্ছৰ আন দুই সহঃস্বত্বাধিকাৰী জুহি চাওলা আৰু অভিনেত্রীগৰাকীৰ স্বামী জয় মেহতাই৷

২০২২ৰ পৰা আৰম্ভ হ’বলগীয়া আমেৰিকাৰ প্রথমখন প্রফেছনেল টি–২০ লীগ, মেজৰ ক্রিকেট লীগত কলকাতা নাইট ৰাইডার্ছে লছ এঞ্জেলছ ফ্রেনচাইজী ক্রয় কৰিবলৈ মন মেলা বুলিও সূত্রটোৱে জানিবলৈ দিছে৷ উল্লেখ্য যে শ্বাহৰুখ খান মালিকানাধীন কলকাতা নাইট ৰাইডার্ছে ক্রিকেটৰ গোলকীয় বজাৰ দখলৰ লক্ষ্যৰে ইতিমধ্যে ২০১৫ চনত কেৰিবিয়ান প্রিমিয়াৰ লীগত ত্রিবাগো নাইট ৰাইডার্ছ নামেৰে এটা ফ্রেনচাইজী ক্রয় কৰিছে৷

You might also like