নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপৰ Super-4ত আজি সমুখসমৰত ভাৰত-বাংলাদেশ

সংযুক্ত আৰব আমীৰশ্বাহীত পূর্ণগতিত চলি থকা এছিয়া কাপৰ ছুপাৰ ফ’ৰৰ আজি গুৰুত্বপূর্ণ মেচখনত টীম ইণ্ডিয়াই বাংলাদেশৰ মুখামুখি হ’ব৷ ইতিমধ্যে ছুপাৰ ফ’ৰৰ প্রথমখন মেচত চিৰপ্রতিদ্বন্দ্বী পাকিস্তানক পৰাস্ত কৰি আত্মবিশ্বাস তুংগত থকা সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ফাইনেলত প্রৱেশৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷

মেচখনত বিজয় সাব্যস্ত কৰিলে প্রতিযোগিতাখনৰ ফাইনেলত প্রৱেশ কৰাটো প্রায় নিশ্চিত হৈ পৰিব ভাৰতীয় দলটোৰ৷ সেয়েহে মেচখনত বাংলাদেশক গুৰুত্বসহকাৰে লৈছে সূর্যকুমাৰ বাহিনীয়ে৷ এতিয়ালৈকে দুয়োখন দেশে ১৭খন টি–২০ মেচত মুখামুখি হৈছে যদিও ভাৰতে ১৬খনতেই জয়ৰ মুখ দেখাৰ বিপৰীতে বাংলাদেশে মাত্র এখনতহে বিজয় সাব্যস্ত কৰিছে৷

অৱশ্যে পূর্বৰ ফলাফল চাব বিচৰা নাই টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰে৷  মেচখন সন্দর্ভত অধিনায়কগৰাকীয়ে কয় – ‘আমি প্রতিটো দলকে গুৰুত্বসহকাৰে লওঁ৷ ইয়াৰ ব্যতিক্রম নহয় বাংলাদেশো৷ মেচখনত আমি পূর্ণশক্তিৰে অৱতীর্ণ হ’ম৷ দলটোৰ বিশেষ সালসলনি হোৱাৰ সম্ভাৱনা নাই’৷ অধিনায়ক সূর্যকুমাৰে পুনৰ কয় যে বর্তমান দলটোৰ সতীর্থসকল দুর্দান্ত ফর্মত আছে৷

আশা ৰাখিছোঁ সতীর্থসকলে কাইলৈৰ মেচখনতো নিজৰ ছন্দ বজাই ৰাখিব পাৰিব৷ বাংলাদেশী দলটোত কেইবাজনো ভাল খেলুৱৈ থকা বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে বাংলাদেশী দলটোৰ খেলৰ ফলাফল সলনি কৰাৰ সক্ষমতা আছে৷

গতিকে, আমি মেচখনক গুৰুত্বসহকাৰে লৈছোঁ৷ অ’পেনাৰদ্বয় অভিষেক শর্মা আৰু শুভমন গিলে আক্রমণাত্মক আৰম্ভণি দিবলৈ সক্ষম হ’লে আমি প্রতিপক্ষ দলটোৰ সন্মুখত বৃহৎ স্ক’ৰ থিয় কৰাব পাৰিম৷ অৱশ্যে মিডল অর্ডাৰৰ বেটাৰসকলেও যোগ্য সহযোগ আগবঢ়াব লাগিব৷ বিগত মেচখনত আমি কেইবাটাও কেচ আয়ত্ত কৰাত ব্যর্থ হৈছিলোঁ৷

আশা ৰাখিছোঁ মেচখনত ইয়াৰ পুনৰাবৃত্তি নঘটে৷ শেহতীয়াভাৱে বাংলাদেশে টি–২০ ক্রিকেটত উন্নত প্রদর্শন দাঙি ধৰি আহিছে৷ বিগত পাঁচখন মেচৰ চাৰিখনতেই বিজয় সাব্যস্ত কৰিছে৷ গতিকে, তেওঁলোকৰ আত্মবিশ্বাস তুংগত আছে৷ বলিং বিভাগতো বিশেষ সালসলনি নহয় বুলি উল্লেখ কৰি অধিনায়ক সূর্যকুমাৰে কয় যে মূল একাদশত যশপ্রীত বুমৰাহে খেলাটো নিশ্চিত৷

খেলৰ সময়ঃ নিশা ৮ বজা৷

নিয়মীয়া বাৰ্তা ডেস্ক, ২৪ ছেপ্টেম্বৰ

You might also like