সম্পাদকীয় : ইতিবাচক বার্তালাপ
শৈশৱৰ পৰা বৃদ্ধলৈকে মানুহৰ পৰস্পৰৰ সৈতে কথা পতাৰ বা আড্ডা মৰাৰ এক প্রৱণতা গঢ় লয়৷ প্রায় সকলো মানুহেই আড্ডাপ্রিয়৷ সুবিধা পালেই তেওঁলোকে বন্ধু–বান্ধৱৰ সৈতে, পৰিয়ালৰ সদস্যসকলৰ সৈতে অথবা আত্মীয়–স্বজনৰ সৈতে আড্ডা মাৰে অথবা কথা পাতে৷ এই অভিজ্ঞতা নিশ্চয় কম–বেছি পৰিমাণে সকলোৰে আছে৷
ইয়াৰ ইতিবাচক প্রভাৱে জীৱনক বহু পৰিমাণে প্রভাৱান্বিত কৰে৷ সেইবাবেই সৰুতে এগৰাকী শিশুক জ্যেষ্ঠসকলৰ সৈতে অথবা আনৰ সৈতে কিদৰে কথা পাতিব লাগে সেই বিষয়ে শিকোৱা হয়৷ আনকি শিক্ষকসকলেও ছাত্র–ছাত্রীক এই সম্পর্কত শিক্ষা দিয়া দেখা যায়৷ কিন্তু অধিকাংশ লোকে নিয়মীয়াকৈ নিজৰ সৈতে কথা পাতে৷
বহুতে ভাবে যে নিজৰ সৈতে বার্তালাপ কৰাৰ ফলত একাকিত্ব দূৰ কৰে৷ নিজে নভবাকৈয়ে প্রায় প্রতিগৰাকী লোকে সদায় নিজৰ সৈতে কথা পাতে৷ সমীক্ষা অনুসৰি ৯৬ শতাংশ প্রাপ্তবয়স্ক লোক আত্মকথোপকথনত জড়িত হৈ পৰে৷ এনে আত্মকথোপকথন উচ্চস্বৰে কোৱাৰ সংখ্যা কম যদিও ২৫ শতাংশ এনে লোকে উচ্চস্বৰে কথা পাতে বুলি স্বীকাৰ কৰিছে৷
আমি শিশুসকলক সাধাৰণতে আনৰ সৈতে কথা পতাৰ বিষয়ে শিক্ষা প্রদান কৰোঁ৷ বিশেষকৈ এটি শিশুক বিদ্যালয়ত নামভর্তি কৰোৱাৰ পূর্বে শিক্ষক–শিক্ষয়িত্রীৰ লগতে সমনীয়া বন্ধুৰ সৈতে কেনেদৰে কথা পাতিব লাগে, সেই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়া হয়৷ কিন্তু এটি শিশুৱে কেনেদৰে নিজৰ সৈতে কথা পতা উচিত সেই বিষয়ে জ্ঞান দিয়াৰ প্রয়োজন অনুভৱ নকৰে৷ অভিভাৱকসকলে এই বিষয়টোক সদায় উপেক্ষা কৰা পৰিলক্ষিত হয়৷
পৰৱর্তী সময়ত তেওঁলোকে এই ভুলৰ বিষয়ে জানিব পাৰে যদিও তেতিয়া সময় উকলি যায়৷ শিশুসকলে নিজৰ মনত বহু সময়ত কথা পাতি থাকে যদিও জ্যেষ্ঠসকলে সতর্কতাৰে তালৈ লক্ষ্য নকৰে৷ জ্যেষ্ঠসকলে নিজৰ কর্মস্থলীৰ কৰিবলগীয়া বিভিন্ন কাম–কাজৰ বিষয়ে মনতে বার্তালাপ কৰি থাকে৷ তদুপৰি তেওঁলোকে হ’বলগীয়া সভা–সমিতিত ক’বলগীয়া কথাবোৰো মনৰ মাজতে উনুকিয়াই থাকে৷ শিশুসকলৰ মনতো এনেদৰে বিভিন্ন বিষয়ে অগাদেৱা দিয়ে৷
স্কুলীয়া ছাত্র–ছাত্রীৰ মাজতো শিক্ষক–শিক্ষয়িত্রীয়ে ইতিমধ্যে প্রদান কৰা প্রশ্ণোত্তৰ, পৰীক্ষাত আহিব পৰা সম্ভাব্য প্রশ্ন, স্কুলত দুষ্টামি কৰিলে শিক্ষকে অভিভাৱকক মাতি পঠিওৱাৰ আশংকা আদিৰ বিষয়ে অহৰহ বার্তালাপ চলি থাকে৷ সাধাৰণতে গৱেষণাৰ পৰা প্রমাণিত হৈছে যে আমি মনৰ মাজত পাতি থকা অধিকাংশ কথাই নেতিবাচক৷
কাৰণ বহু দুশ্চিন্তা আৰু সম্ভাব্য নিৰাশজনক কথাবোৰেই আমাৰ মাজত বেছিকৈ আহে৷ ভালদৰে লক্ষ্য কৰিলে আমি বুজিব পাৰোঁ যে আমাৰ মনৰ মাজত অগাদেৱা কৰা ইতিবাচক কথা অতি সীমিত, যিকোনো পৰিস্থিতিতে আমাৰ মনত নেতিবাচক কথাবোৰ চলি থাকে৷ ছাত্র–ছাত্রীসকলে নিজৰ পৰিয়ালৰ লগতে বিদ্যালয়ত লাভ কৰা পৰিৱেশে তেওঁলোকৰ মনৰ মাজত চলি থকা কথোপকথনত প্রভাৱান্বিত কৰে৷
তেওঁলোকে আশা কৰা ধৰণে সহযোগিতা আৰু মার্গদর্শন লাভ নকৰিলে মনৰ মাজত বিষণ্ণতাই দেখা দিয়ে৷ বর্তমান সময়ত ছাত্র–ছাত্রীসকলে আনৰ সৈতে মুকলিকৈ কথা পাতিবলৈ ইচ্ছা নকৰে৷ পূর্বতে ঘৰলৈ আলহী আহিলে ল’ৰা–ছোৱালীয়ে আনন্দত আত্মহাৰা হৈ পৰিছিল আৰু তেওঁলোকৰ সৈতে প্রতিটো মুহূর্ত উপভোগ কৰিব বিচাৰিছিল৷
কিন্তু আজিকালি আলহী আহিলে অথবা নিজেও আনৰ ঘৰলৈ গ’লে ল’ৰা–ছোৱালী ম’বাইলত অধিক ব্যস্ত হৈ থাকে৷ পিতৃ–মাতৃয়েও আনৰ ঘৰলৈ গ’লে অথবা নিজৰ কামত ঘৰতে ব্যস্ত হৈ থকাৰ সময়ত ল’ৰা–ছোৱালী যাতে কোনো অসুবিধাৰ সৃষ্টি নকৰে, তাৰ বাবে তেওঁলোকৰ হাতত মোবাইলটো দি দিয়ে৷ এই সুযোগ লৈ ল’ৰা–ছোৱালীয়ে সামাজিক মাধ্যমৰ এখন নতুন জগতত প্রৱেশ কৰে৷ কিন্তু তেওঁলোকে পৰীক্ষা বা অন্য পৰিস্থিতিৰ পৰা মনলৈ অহা ভয়, শংকা আদিৰ সাহসেৰে মুখামুখি হ’ব নোৱাৰে৷
ছাত্র–ছাত্রীসকলৰ মনৰ মাজত ইতিবাচক চিন্তা, কথা–বতৰা বৃদ্ধি পালে তেওঁলোকৰ অধ্যয়নৰ প্রতি আগ্রহ বৃদ্ধি পায় আৰু বিদ্যালয়ৰ প্রদর্শনৰো উন্নতি ঘটে৷ এইক্ষেত্রত এগৰাকী ছাত্রক ইতিবাচক চিন্তাৰ গভীৰতাত নিমজ্জিত কৰিবলৈ অভিভাৱকৰ লগতে শিক্ষকসকলেও প্রচেষ্টা গ্রহণ কৰা উচিত৷ তেওঁলোকে ল’ৰা–ছোৱালীক কঠোৰ সমালোচনা নকৰি গঠনমূলক মতামতেৰে সহযোগিতা আগবঢ়াব লাগে৷ অন্য ছাত্র–ছাত্রীৰ ফলাফলৰ সৈতে তুলনা নকৰি ছাত্র–ছাত্রীয়ে নিজৰ সৈতে বার্তালাপ কৰাৰ সময়ত কিছু পদক্ষেপ গ্রহণ কৰিব লাগে৷
বিশেষকৈ পৰীক্ষাৰ সূচী ঘোষণা কৰাৰ সময়তে মনলৈ অহা শংকা দূৰ কৰিব পৰাকৈ তেওঁলোকৰ মনত ইতিবাচক ধাৰণা সুমুৱাই দিব লাগিব৷ তেওঁলোকৰ মনত চলি থকা নেতিবাচক কথা দূৰ কৰি মনটো ইতিবাচক কথাৰে পূর্ণ কৰি সফলতা অর্জনত সহায় কৰা উচিত৷