নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাংখেড়েত আজি ভাৰত–অষ্ট্রেলিয়াৰ প্রথম এদিনীয়া

নিয়মীয়া বাৰ্তা, ১৭ মার্চ:  অষ্ট্রেলিয়াৰ বিপক্ষে খেলিবলগীয়া তিনিখনীয়া শৃংখলাৰ প্রথমখন মেচত আজি মুম্বাইত অৱতীর্ণ হ’ব হার্দিক পাণ্ডিয়া নেতৃত্বাধীন টীম ইণ্ডিয়া৷ অধিনায়ক ৰোহিত শর্মাই ৱাংখেড়ে ষ্টেডিয়ামত খেলিব লগা প্রথমখন মেচত নেখেলাৰ সিদ্ধান্ত লোৱাৰ পিছত মেচখনত পাণ্ডিয়াই নেতৃত্ব দিব৷ দিবা–নৈশ মেচখনৰ জৰিয়তে পাণ্ডিয়াই প্রথমবাৰৰ বাবে এদিনীয়াত ভাৰতক নেতৃত্ব প্রদান কৰিব৷ এদিনীয়া শৃংখলাত তেওঁ সহঃধিনায়কৰ দায়িত্বত আছে৷

সদ্যসমাপ্ত চাৰিখনীয়া ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাত ২–১ৰ ব্যৱধানত জয়লাভ কৰি ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰিছে৷ এইবাৰ দলটোৱে ভাৰতত অনুষ্ঠিত হ’ব লগা এদিনীয়া বিশ্বকাপৰ বাবে অষ্ট্রেলিয়াৰ বিপক্ষে প্রস্তুতি আৰম্ভ কৰিব৷

উল্লেখ্য যে মহেন্দ্র সিং ধোনীৰ নেতৃত্বত ভাৰতে দেশৰ মাটিত অনুষ্ঠিত ২০১১ চনৰ বিশ্বকাপত খিতাপ অর্জন কৰিছিল৷ এইবাৰ ৰোহিত শর্মা আৰু তেওঁৰ দলে পুনৰবাৰ দেশৰ মাটিত বিশ্বকাপ জয় কৰাৰ সপোন দেখিছে৷ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হ’ব বাবেই ভাৰতীয় অনুৰাগীসকলৰ মাজত প্রত্যাশা বৃদ্ধি পাইছে৷ আজি মেচখনত ভাৰত ফেভাৰিট হিচাপে অৱতীর্ণ হ’ব৷ কিয়নো এই বছৰত অনুষ্ঠিত ছখন এদিনীয়া মেচৰ আটাইকেইখনতে ভাৰত বিজয়ী হৈছে৷ দেশৰ মাটিত শ্রীলংকা আৰু নিউজিলেণ্ডৰ বিপক্ষে খেলা শৃংখলাৰ প্রতিখন মেচতে জয়লাভ কৰিছে ভাৰতে৷ শুভমন গিলে ছখন মেচত তিনিটা শতৰানসহ ৫৬৭ ৰানেৰে বছৰটোৰ সুন্দৰ আৰম্ভণি ঘটাইছে৷ ৰোহিত শর্মাৰ অনুপস্থিতিত তেওঁ দলৰ হৈ অধিক দায়িত্ব ল’ব৷ প্রাক্তন অধিনায়ক বিৰাট কোহলি সম্প্রতি সুন্দৰ ছন্দত আছে৷

খেলৰ সময়: দিনৰ ১.৩০ বজা৷

You might also like