নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰ আফগানিস্তান

সুদীর্ঘ ২০ বছৰ ধৰি মধ্য এছিয়াৰ ৰাষ্ট্র আফগানিস্তানত সন্ত্রাসবাদবিৰোধী যুদ্ধ চলাই আমেৰিকাই খালী হাতে উভতিব লগা হৈছে দেশখনৰ পৰা৷ আমেৰিকাৰ ইতিহাসত আফগান যুদ্ধ হৈছে আটাইতকৈ দীঘলীয়া৷ এই যুদ্ধত দেশখনৰ ক্ষতি হৈছে বৃহৎ অংকৰ ধনৰাশি, অজস্র অস্ত্র–শস্ত্র তথা মানৱশক্তি৷ তথাপি তালিবানক প্রতিৰোধ কৰা এই যুদ্ধত ব্যর্থতাক আকোঁৱালি ল’বলগীয়া হৈছে বিশ্বৰ মহাপৰাক্রমী শক্তি হিচাপে চিহ্ণিত আমেৰিকান সেনাই৷ ভিয়েটনামৰ মাটিত চৰম পৰাজয়ৰ পাছত আফগানিস্তানত এয়া মার্কিন বাহিনীৰ লজ্জাজনক আত্মসমর্পণ বুলিও বিভিন্ন মহলে আলোচনা কৰিছে৷ ইতিমধ্যে আমেৰিকাৰ বৃহৎ অস্ত্র ভাণ্ডাৰ তালিবানৰ হস্তগত হৈছে৷ আফগান বাহিনীক দিয়া অত্যাধুনিক অস্ত্র–শস্ত্র এতিয়া তালিবানৰ দখলত৷ আমেৰিকান সেনাই ব্যৱহাৰ কৰা অত্যাধুনিক সামৰিক হেলিকপ্ঢাৰ ব্লেক হক নিজৰ নিয়ন্ত্রণলৈ নিছে তালিবানে৷ ইয়াৰ উপৰি আমেৰিকান সেনাই আফগান বাহিনীক দিয়া বিভিন্ন হাতিয়াৰ এতিয়া তালিবানৰ হাতত পৰিছে৷ অর্থাৎ আমেৰিকাই আফগানিস্তানৰ পৰা প্রত্যাৱর্তন কৰাৰ সময়ত তালিবান বিভিন্ন ধৰণে উপকৃত হৈছে৷ এক কথাত ক’বলৈ গ’লে আফগানিস্তানৰ পৰা আমেৰিকান সেনাৰ প্রত্যাহাৰ মানেই তালিবানৰ শক্তি বৃদ্ধি হিচাপে চিহ্ণিত হৈ পৰিছে৷ লগে লগে আফগানিস্তানত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতি৷ পুনৰ আফগানিস্তানলৈ অন্ধকাৰ যুগ ঘূৰি আহিব বুলি ধাৰণা কৰিছে দেশবাসীয়ে৷ তালিবানৰ অপশাসনৰ পূর্বৰ অভিজ্ঞতা আছে আফগানিস্তানৰ জনসাধাৰণৰ৷ যিখন আফগানিস্তান আছিল মুক্ত চিন্তাৰ ক্ষেত্র, সেই আফগানিস্তান তালিবানৰ শাসনত হৈ পৰিছিল মধ্যযুগীয় পোতাশাল৷ আফগান নাৰীয়ে বিশ্ববিদ্যালয়ৰ শিক্ষা লাভৰ বিপৰীতে বোর্খাৰ তলত বন্দী হ’বলগীয়া হৈছিল৷ সাধাৰণ অপৰাধতে নিৰীহ জনসাধাৰণৰ ওপৰত চলোৱা হৈছিল পাশৱিক আতিশায্য৷ আটাইতকৈ বেছি আতিশায্যৰ সন্মুখীন হৈছিল মহিলাসকল৷ পুনৰ আফগানিস্তানত তালিবানে সেই অপশাসন চলাব বুলি ইতিমধ্যে আশংকা ঘনীভূত হৈছে৷ সেইবাবেই দেশখনৰ পৰা পলায়ন কৰিছে মুক্ত চিন্তা আৰু গণতন্ত্রৰ পক্ষত থকা বহু লোকে৷ শিক্ষা–সংস্কৃতিৰ সৱল কণ্ঠস্বৰ হিচাপে চিহ্ণিত বহু লোকে ইতিমধ্যে বিদেশত গৈ আশ্রয় গ্রহণ কৰিছে৷ গতিকে আফগানিস্তানৰ ভৱিষ্যত যে অন্ধকাৰ তাৰ এক ইংগিত ইতিমধ্যে পোৱা গৈছে৷
ইফালে আমেৰিকান সেনাৰ প্রত্যাৱর্তনৰ পাছত আফগানিস্তানত কেনেধৰণৰ চৰকাৰ তালিবানে গঠন কৰিব তাক লৈয়ো সৃষ্টি হৈছে অনিশ্চিয়তা৷ চৰকাৰ গঠন নৌহওঁতেই ক্ষমতাৰ খোৱা–কামোৰা আৰম্ভ হৈছে দেশখনত৷ তালিবানৰ আভ্যন্তৰত ইতিমধ্যে স্পষ্ট হৈছে গোষ্ঠী বিৰোধ৷ মন্ত্রীসভাত স্থানত পোৱা–নোপোৱাক লৈ হাক্কানি গোষ্ঠী আৰু কান্দাহাৰৰ মোল্লা য়াকুৱ গোষ্ঠীৰ মাজত তীব্র মতবিৰোধ সৃষ্টি হৈছে৷ যাৰ ফলত অস্বস্তিত পৰিছে তালিবান৷ তালিবানৰ সেনা বাহিনীৰ দায়িত্ব আছে মোল্লা য়াকুৱ গোষ্ঠী৷ মন্ত্রীসভাত মোল্লা য়াকুৱ গোষ্ঠীকো অন্তর্ভুক্ত কৰিব লাগে বুলি দাবী উত্থাপন হৈছে৷ কিন্তু হাক্কানি গোষ্ঠীয়ে এই ক্ষেত্রত নিজৰ প্রভাৱ বিস্তাৰ কৰিবলৈ তৎপৰ হৈছে৷ মোল্লা য়াকুৱ গোষ্ঠীয়ে এই কথাও হেনো স্পষ্টভাৱে জনাই দিছে যে যিসকল কাটাৰৰ ডোহাত তালিবানৰ প্রধান কার্যালয়ৰ দায়িত্বত আছে তেওঁলোকৰ হুকুম মানিবলৈও ৰাজি নহয়৷ অর্থাৎ, তালিবানৰ শীর্ষ নেতৃত্বৰ নির্দেশনাকো উলংঘা কৰিবলৈ সাজু হৈ আছে মোল্লা য়াকুৱ গোষ্ঠী৷ অকল হাক্কানি বা মোল্লা য়াকুৱ গোষ্ঠীয়ে নহয়, তালিবানৰ আভ্যন্তৰত প্রায় প্রতিটো গোষ্ঠীয়েই নিজ নিজ অধিকাৰ প্রতিষ্ঠাৰ বাবে আৰম্ভ কৰিছে কন্দল৷ ইয়াৰ ফলত এটা কথা স্পষ্ট হৈছে যে তালিবানে আফগানিস্তানত এখন সুস্থিৰ চৰকাৰ গঠন কৰিব নোৱাৰে৷ এখন অস্থিৰ চৰকাৰ মানেই আফগানিস্তান গৃহ যুদ্ধত দীর্ঘদিনলৈ আক্রান্ত হৈ থকাটো নিশ্চিত৷ অর্থাৎ, আমেৰিকাই যি সময়ত আফগানিস্তানৰ পৰা প্রত্যাৱর্তন কৰিলে সেই সময়ত দেশখনত অধিক অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্রবল৷ গতিকে আফগানিস্তানৰ ভৱিষ্যৎ ভয়াৱহ পৰিস্থিতিৰ দিশে আগবাঢ়িব বুলি অনুমান কৰিব পাৰি৷ অকল সেয়াই নহয় দেশখনৰ এই ভয়াৱহ পৰিস্থিতিয়েই সমগ্র মধ্য এছিয়াত এক অশান্তজর্জৰ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ গতিকে আফগান সংকট হ’ব অনাগত দিনত সমগ্র অঞ্চলটোৰ বাবে ভয়াৱহ দিনৰ ইংগিত৷

You might also like