নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজকোটত সূৰ্যকুমাৰৰ ধুমুহা, মাত্ৰ ৪৫টা বলতে শতক অৰ্জন

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী: ৰাজকোটত অনুষ্ঠিত হোৱা তৃতীয় টি-২০ত সূৰ্যকুমাৰ যাদৱৰ বিধ্বংসী বেটিং। মাত্ৰ ৪৫টা বলত শতক অৰ্জন কৰে সূৰ্য্যকুমাৰে। টি-২০ ইণ্টাৰনেশ্যনেলত সূৰ্যকুমাৰ যাদৱৰ এয়া তৃতীয়টো শতক। সূৰ্যকুমাৰ যাদৱে ৫১টা বলৰ ইনিংছত ১১২ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ৭টা চাৰি আৰু ৯টা ছয় কোবাই। সূৰ্যৰ ধুমুহাময় ইনিংছৰ জৰিয়তে ভাৰতে ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ২২৮ ৰান সংগ্ৰহ কৰে।

ইপিনে সূৰ্য্যৰ বাহিৰেও শুবমান গিলে মাত্ৰ ৯টা বলতে ৪৬ আৰু অক্ষৰ পেটেলে ২১ নট আউট হৈ থাকে।

You might also like