নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু প্ৰশান্তি চিকিৎসাসেৱা আৰু গৱেষণা ন্যাসৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

  • মুখ্যমন্ত্ৰীৰ উপস্থিতিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু প্ৰশান্তি চিকিৎসাসেৱা আৰু গৱেষণা ন্যাসৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত
  • সমাজৰ বঞ্চিত শ্ৰেণীৰ অন্তৰ্গত ১০০০ শিশু আৰু প্ৰাপ্তবয়স্ক লোকক অত্যাধুনিক হৃদযন্ত্ৰৰ অস্ত্ৰোপ্ৰচাৰৰ ব্যয় বহন কৰিব ৰাজকোটস্থিত দাতব্য ন্যাসে

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু ৰাজকোটস্থিত প্ৰশান্তি চিকিৎসাসেৱা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ উল্লেখ্য যে ৰাজকোট আৰু আহমেদাবাদৰ শ্ৰী সত্য সাই হাৰ্ট হাস্পতালে সমাজৰ বঞ্চিত শ্ৰেণীৰ অন্তৰ্গত ৫০০ শিশু আৰু সমসংখ্যক প্ৰাপ্তবয়স্ক লোকক অত্যাধুনিক হৃদযন্ত্ৰৰ অস্ত্ৰোপ্ৰচাৰ কৰিব আৰু ইয়াৰ বাবে দুবছৰ সময়ৰ প্ৰয়োজন হ’ব৷

ৰাজ্যখনত বসবাস কৰা লোকসকলক বহন কৰিব পৰা স্বাস্থ্য সেৱা উপলব্ধ কৰাৰ দিশত আজিৰ চুক্তিখন এক নতুন আৰম্ভণি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰশান্তি মেডিকেল চাৰ্ভিচেজ এণ্ড ৰিচাৰ্জ ফাউণ্ডেশ্যনৰ ট্ৰাষ্টীসকলক তেওঁলোকৰ সেৱা সম্প্ৰসাৰণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ তেওঁ লগতে কয় যে ইয়ে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক যথেষ্ট পৰিমাণে সকাহ প্ৰদান কৰিব৷
আৰ্থিকভাৱে দুৰ্বল লোকসকলে অস্ত্ৰোপ্ৰচাৰৰ বাবে প্ৰয়োজনীয় অত্যাধিক পৰিমাণৰ ধন ব্যয় কৰিব নোৱাৰা বাবে ফলপ্ৰসূ অস্ত্ৰোপ্ৰচাৰৰ পৰিৱৰ্তে গতানুগতিকভাৱে ঔষধ সেৱন কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ৰাজকোটস্থিত দাতব্য ট্ৰাষ্টৰ সৈতে আজি কৰা চুক্তিৰ ফলত এই পৰিয়ালৰ লোকসকলে যথেষ্ট সকাহ পাব৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই চুক্তিৰ অধীনত ৰোগীৰ অস্ত্ৰোপ্ৰচাৰ আৰু আনুষংগিক চিকিৎসাৰ সমস্ত খৰচ ৰাজকোটস্থিত দাতব্য ট্ৰাষ্টে বহন কৰিব যদিও ৰোগী আৰু তেওঁলোকৰ সৈতে যোৱা লোকসকলৰ ভ্ৰমণ আৰু অন্যান্য যাৱতীয় খৰচ ৰাজ্য চৰকাৰে বহন কৰিব৷

হৃদৰোগীৰ চিকিৎসাৰ বাবে ২০০৯ চনত নাৰায়ণা হৃদয়ালয়ৰ সৈতে চুক্তি স্বাক্ষৰিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী পৰ্যায়ত এই ব্যৱস্থা ৰাজ্যৰ অন্যান্য চিকিৎসালয়লৈ সম্প্ৰসাৰিত কৰা হৈছিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত ৯৭০০ ৰো অধিক হৃদৰোগীয়ে বিনামূলীয় অস্ত্ৰোপ্ৰচাৰৰ সুবিধা লাভ কৰিছে আৰু এই খৰচ ৰাজ্য চৰকাৰে বহন কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ চুক্তিৰ স্বকীয়তা হ’ল যে ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যয় কৰিব নালাগিব৷ মাত্ৰ ৰোগীজনৰ লগত যোৱা লোকসকলৰ ভ্ৰমণ আৰু অন্যান্য যাৱতীয় খৰচৰ বাহিৰে ৰাজ্য চৰকাৰে চিকিৎসা সেৱাৰ বাবে কোনো ধৰণৰ ব্যয় কৰিব নালাগে৷ ইয়ে ৰাজ্যখনৰ চিকিৎসা সেৱাত অনন্য মাত্ৰা প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷
মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু প্ৰশান্তি চিকিৎসাসেৱা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ ৰাজকোটস্থিত চেৰিটেবুল ট্ৰাষ্টক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত হৃদৰোগ বিভাগৰ নাৰ্চসকলক প্ৰশিক্ষণ দিয়াৰ সম্ভাৱনাৰ বিষয়ে অম্বেষণ কৰিবলৈও অনুৰোধ জনায়৷

প্ৰশান্তি চিকিৎসাসেৱা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ সৈতে অসম চৰকাৰক সহযোগিতাৰে কাম কৰাৰ বাবে দিয়া ধাৰণাটোৰ বাবে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম চ্ছায়াক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমাজৰ পিছপৰা শ্ৰেণীৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে তেখেতে ধাৰাবাহিক প্ৰয়াস চলাই আহিছে৷ গুৱাহাটী উচ্ছ ন্যায়ালায়ৰ মুখ্য ন্যায়াধীশ আৰ এম চায়াই অন্যান্য সামাজিক খণ্ডৰ পদক্ষেপ যেনে ‘বিদ্যাৰথ ঃ চকাত শিক্ষা’: জৰিয়তে সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ শিশুসকলক প্ৰাথমিক শিক্ষা প্ৰদান কৰা নিশ্চিত কৰিব বিচাৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ মানুহে তেওঁৰ এই অৱদানক বহু দিনধৰি স্মৰণ কৰিব৷

আজিৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম চ্ছায়া, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ এম কোটেশ্বৰ সিং আৰু সুমন শ্যাম, স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, প্ৰশান্তি চিকিৎসাসেৱা আৰু গৱেষণা ন্যাসৰ পৰিচালন ন্যাসৰক্ষী মনোজ ভিমণিও উপস্থিত থাকে৷

You might also like