ইউএইত ভাৰত–ইংলেণ্ডৰ টেষ্ট শৃংখলা
নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত অহা বর্ষৰ জানুৱাৰীত হ’বলগীয়া টেষ্ট শৃংখলাটো সংযুক্ত আৰব আমিৰ শ্বাহীত অনুষ্ঠিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷
ভাৰতত যদি মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ হ্রাস নাপায়, তেতিয়াহ’লে দুয়ো দেশৰ মাজৰ প্রস্তাৱিত টেষ্ট শৃংখলাটো ইউ এ ইত হোৱাটো একপ্রকাৰ নিশ্চিত৷ ইপিনে বি চি চি আই আৰু সংযুক্ত আৰব আমিৰ শ্বাহী ক্রিকেট ব’ৰ্ডৰ মাজত শনিবাৰে এক বুজাবুজিৰো চুক্তি হয়৷
বি চি চি আইৰ কোষাধ্যক্ষ অৰুণ ধুমলে সংবাদ প্রতিষ্ঠানৰ আগত কয় যে অহা বর্ষৰ জানুৱাৰীত ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজৰ টেষ্ট শৃংখলাটো ভাৰতত আয়োজন কৰাৰ ইচ্ছা আছে যদিও ক’ৰোনাৰ সংক্রমণ যদি নকমে তেতিয়াহ’লে এই শৃংখলাটো ইউ এ ইতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷