নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পানীৰ সুুৰক্ষা

পানীয়েই প্রাণীৰ প্রাণ, কিন্তু এই পানীকেই সুৰক্ষিত কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ একবিংশ শতিকাৰ জনসংখ্যা বিস্ফোৰণৰ ফলত পানীৰ সংকট পৰিলক্ষিত হৈছে৷ ইয়াৰ উপৰি আন কাৰকসমূহ হ’ল জলবায়ুৰ পৰিৱর্তন আৰু ভূজলৰ অত্যধিক আহৰণ৷ বেংকসমূহ দেউলীয়া হ’লে যি অৱস্থা, পানীৰ ভাণ্ডাৰ দেউলীয়া হ’লেও একেই অৱস্থা হোৱাৰ আশংকা বিদ্যমান– সি হ’ব নাজল–নাথল৷ ভাৰতৰ গ্রাম্য জীৱনৰ কৃষি, স্বাস্থ্য, জীৱিকা আৰু সামাজিক সম্প্রীতি প্রত্যেক দিশতে পানীৰ সুৰক্ষাৰ বিষয়টো গভীৰভাৱে শিপাই আছে৷ অপৰিকল্পিত ব্যৱহাৰৰ ফলত পানী সংকটে চৰম ৰূপ ধাৰণ কৰিছে আৰু পানীৰ সুৰক্ষাক ভাবুকিৰ মুখলৈ আগবঢ়াই দিছে৷ ইউনিচেফৰে তথ্যসমূহলৈ চকু ফুৰালে এই বিষয়টোৰ ভয়াৱহতা উপলব্ধি কৰিব পাৰি৷ বিশ্বৰ প্রায় দুই–তৃতীয়াংশই এবছৰত অতি কমেও এবাৰকৈ কঠোৰ জলসংকটৰ মোকাবিলা কৰিবলগীয়া হয়৷ গ্রামাঞ্চলত বাস কৰা ২ শতাধিক কোটি লোকৰ বাবে পানী যোগান পর্যাপ্ত নহয়৷ ২০২৫ৰ ভিতৰতে বিশ্বৰ অর্ধেক জনসংখ্যা জলসংকটৰ সন্মুখীন হোৱা অঞ্চলৰ বাসিন্দা হ’বলগীয়া হৈছে৷ ২০৩০ৰ ভিতৰত ৭০ কোটি মানুহ তীব্র জল সংকটৰ বাবে স্থানান্তৰ হ’বলগীয়া হ’ব৷ ২০৪০ৰ ভিতৰত প্রতি ৪টি শিশুৰ ভিতৰত এটিকৈ শিশু বাস কৰা অঞ্চল সুতীব্র জলসংকটে স্পর্শ কৰিব৷ পানী আৰু অনাময় সংকট সমাধানৰ আৱশ্যকীয় পৰিৱর্তনসমূহ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ২২ মার্চ বিশ্ব জল দিৱস ৰূপে পালন কৰা হয়৷ পানী আৰু অনাময় সংকট সমাধানৰ বাবে সমগ্র বিশ্বক একত্রিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্রহণ কৰা হৈছে৷ বহনক্ষম উন্নয়নৰ লক্ষ্য এছ ডি জি–৬ ২০৩০ৰ ভিতৰত অর্জন কৰিবলৈ সকলোৰে বাবে পানী আৰু অনাময়ৰ প্রাপ্যতা নিশ্চিত কৰিব লাগিব৷

ৰাষ্ট্রসংঘৰ শেহতীয়া তথ্য অনুসৰি, এছ ডি জি–৬ অর্জন কৰিবলৈ বিভিন্ন ৰাষ্ট্রৰ শাসনাধিষ্ঠিত চৰকাৰসমূহে গড়ে চাৰি গুণ অধিক দ্রুততাৰে কাম কৰিব লাগিব৷ কাৰণ খোৱাপানী নিৰাপদ নহ’লে নানা অসুখ–বিসুখে জুৰুলা কৰি মৃত্যুমুখলৈ ঠেলি দিব পাৰে৷ সমগ্র পৃথিৱীত এই সংকট ঘনীভূত হৈছে আৰু জলবায়ু পৰিৱর্তনৰ প্রভাৱত বিভিন্ন প্রান্তত বিস্তাৰ হৈছে এই সংকট৷ সম্প্রতি বিশ্বৰ দুই–তৃতীয়াংশ জনগোষ্ঠী জলসংকটৰ সন্মুখীন হৈছে৷ ভাৰতত এই সমস্যা আৰু অধিক প্রকট হৈ উঠিছে৷ প্রতি বছৰে গ্রীষ্মকালত বিভিন্ন ৰাজ্যত খোৱাপানীৰ অভাৱ পৰিলক্ষিত হয়৷ নদীসমূহৰ লগতে জান–জুৰি, জলাশয়সমূহৰ পানী শুকাই যোৱাৰ লগতে ভূগর্ভৰ পানীৰ স্তৰ দ্রুতগতিত নামি যোৱাৰ ফলত হাহাকাৰ লাগে৷ অতিবৃষ্টি, অনাবৃষ্টি, বান আদি বিভিন্ন কাৰকে জলবায়ু পৰিৱর্তনত প্রভাৱ পেলায়৷ ফলত জল ব্যৱস্থাপনা আৰু অনিশ্চিত হৈ পৰিছে৷ পানীৰ সুৰক্ষা বুলিলে কেৱল পানীৰ পর্যাপ্ততাকেই নুবুজায়৷ ইয়াৰ অর্থ হ’ল নিৰাপদ, পৰিষ্কাৰ আৰু বহনসাধ্য ব্যয়ত পানী লাভ কৰা৷ দূষিত পানীয়ে ডায়েৰীয়া বা পেটচলা, টাইফয়েড, হেপাটাইটিছ আদি ৰোগ বিয়পাই জনস্বাস্থ্যৰ প্রতি বিপদ মাতি আনে৷ গতিকে আমি ক’ব পাৰোঁ যে পানীৰ সুৰক্ষা কেৱল পৰিৱেশগত নহয়, অর্থনৈতিক আৰু সামাজিক উন্নয়নৰ সৈতেও গভীৰভাৱে জড়িত৷

জনসংখ্যা বিস্ফোৰণৰ ফলত জীনৱশৈলীৰ পৰিৱর্তন আৰু পানীৰ ব্যৱহাৰ অধিক হোৱাৰ বাবে যুগ যুগ ধৰি প্রচলিত ব্যৱস্থাসমূহ অৱক্ষয়ৰ গৰাহত পৰিল৷ অবাধে ভূজল নিষ্কাশনৰ লগতে পানীত ফ্ল’ৰাইড, আর্ছেনিক আৰু লৱণৰ মাত্রা বাঢ়িবলৈ ধৰাত পানীৰ গুণমানৰ সমস্যাৰ উদ্রেক হ’বলৈ ধৰিলে৷ এই ক্রমবর্ধমান সংকটক স্বীকাৰ কৰি চৰকাৰসমূহে খোৱাপানীৰ বিভিন্ন কার্যসূচী ৰূপায়ণ কৰিবলৈ ধৰে৷ ১৯৭২ চনত ত্বৰান্বিত গ্রাম পানী যোগান আঁচনি (এ আৰ ডব্লিউ এছ পি)ৰ পৰা আৰম্ভ কৰি ২০০৯ চনৰ ৰাষ্ট্রীয় গ্রাম্য খোৱাপানী কার্যসূচী (এন আৰ ডি ডব্লিউ ডি পি)লৈকে আঁচনি ৰূপায়ণ হয়৷ এই পদক্ষেপসমূহৰ ফলত পানী সহজলভ্য হৈ পৰিল৷ ২০১৯ চনত জল জীৱন মিছন (জে জে এম) প্রৱর্তন কৰা হ’ল৷ ইয়াৰ লক্ষ্য ঘৰে ঘৰে পানী (হৰ ঘৰ জল) নিশ্চিতকৰণ৷ গাঁৱৰ প্রত্যেক ঘৰৰ বাবে নিশ্চিত গুণগত মান আৰু পৰিমাণৰ পানীৰ বাবে কার্যকৰী ঘৰুৱা নল সংযোগ কৰা হ’ল৷

জল নিৰাপত্তাৰ সমস্যা সমাধানৰ কেইবাটাও পথ আছে৷ আমি প্রথমে বৰষুণৰ পানী সংৰক্ষণ বাধ্যতামূলক কৰা দৰকাৰ৷ চহৰ–গাঁও সকলোতে জলাশয়সমূহ পুনৰুজ্জীৱিত কৰি তোলাৰ লগতে পুখুৰী আৰু খাল খান্দিব লাগিব৷ গছপুলি ৰোপণেৰে সেউজী ধৰা গঢ়ি তোলাৰ সংকল্প গ্রহণ কৰিব লাগিব৷ দ্বিতীয়তে কৃষিক্ষেত্রত পানীৰ অপচয় ৰোধৰ বাবে ‘ড্রিপ ইৰিগেচন’ অর্থাৎ টোপাল টোপালকৈ জলসিঞ্চন পদ্ধতিৰ সহায় ল’ব লাগিব৷ তৃতীয়তে, উদ্যোগ ক্ষেত্রত বর্জ্য পানীৰ পৰিশোধন কঠোৰভাৱে কার্যকৰী কৰা বাঞ্ছনীয়৷ এইসমূহৰ লগতে জনসাধাৰণৰ মাজত সজাগতা গঢ়ি তোলা আৱশ্যকীয় যাতে প্রতি টোপাল পানীৰ মূল্য অনুধাৱন কৰিব পাৰে৷ পানীৰ সুৰক্ষা কেৱল বর্তমান প্রজন্মৰে নহয়, ই ভৱিষ্যৎ প্রজন্মৰ অধিকাৰ ৰক্ষাৰো প্রশ্ণ৷ এতিয়াই যদি আমি বাস্তৱসন্মত আৰু কার্যকৰী পদক্ষেপ গ্রহণ নকৰোঁ, তেন্তে পানীক লৈ সংঘাত তীব্রতৰ হোৱাৰ আশংকা বিদ্যমান৷ পানীৰ সুৰক্ষাৰ সৈতে পোনপটীয়াকৈ খাদ্য নিৰাপত্তা আৰু জনস্বাস্থ্যৰ বিষয়ো জড়িত হৈ আছে৷ সময় থাকোঁতেই যদি আমি এইক্ষেত্রত কার্যকৰী ব্যৱস্থা গ্রহণৰ বাবে সুচিন্তিত পদক্ষেপ নলওঁ, তেন্তে এই অসচেতনতাৰ বাবে ভৱিষ্যৎ প্রজন্মই চৰম মূল্য ভৰিব লাগিব৷ পানীয়েই আমাৰ জীৱন, গতিকে সেই জীৱনক ৰক্ষা কৰাটো আমাৰ নৈতিক দায়িত্ব৷ ৰাষ্ট্র, সমাজ আৰু ব্যক্তিৰ সন্মিলিত উদ্যোগত সচেতন আৰু দায়িত্বশীল ভূমিকা গ্রহণ কৰাটো সময়ৰ আহ্বান৷

You might also like