ভাৰত–পাকিস্তানৰ মেচক লৈ অব্যাহত বিতর্ক : মেচৰ সম্প্রচাৰৰ বিৰোধিতাৰে প্রধানমন্ত্রীলৈ পত্র
নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : চলিত এছিয়া কাপত আজি বহুচর্চিত ভাৰত আৰু পাকিস্তানৰ মেচ৷ ক্রিকেট বিশ্বৰ এই দুই শক্তিৰ মেচ বুলিলেই সাধাৰণতে বহুদিন পূর্বৰে পৰা উৎকণ্ঠা দেখা যায়, এয়া তেনেই এটা চিনাকি দৃশ্য৷ পিছে এইবাৰ ভাৰত–পাক মেচৰ চর্চাৰ আঁৰত আছে এটা বিশেষ কাৰণ৷
পাকিস্তান মূলৰ সন্ত্রাসবাদীৰ দ্বাৰা সংঘটিত আক্রমণ আৰু তাৰ পিছত হোৱা অপাৰেচন সিন্দূৰ তথা দুই দেশৰ মাজৰ যুদ্ধৰ পৰিস্থিতিৰ বাবে ক্রীড়াক্ষেত্রতো পাকিস্তানৰ সৈতে সম্পর্ক ছিন্ন কৰাৰ পোষকতা কৰিছে ভাৰতৰ অধিকাংশ লোকে৷ বিশেষকৈ ক্রিকেটত দুয়ো দেশৰ মাজত কোনো কাৰণতে মেচ অনুষ্ঠিত হোৱাটো বিচৰা নাই দেশবাসীয়ে৷
সামাজিক মাধ্যমত বয়কট এছিয়া কাপ শীর্ষক এক প্রতিবাদো দেখা গৈছে৷ দেশবাসীৰ এই ক্ষোভৰ মাজতে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব লগা মেচখনক লৈ আপত্তি উত্থাপন কৰিছে ফেডাৰেচন অৱ ৱেষ্টার্ন ইণ্ডিয়া চিনে এমপ্লয়িজে (এফডব্লিউআইচিই)৷ আনকি, ভাৰত– পাকিস্তানৰ মেচ ভাৰতত সম্প্রচাৰ নকৰিবলৈ দাবী জনাই এফডব্লিউআইচিইয়ে ছোনী টিভি আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এখন পত্র প্রেৰণ কৰিছে৷
উল্লেখ্য যে এফডব্লিউআইচিই ৩৬টা ভিন্ন প্রকাৰৰ কাৰিকৰী আৰু কলা শাখাৰ লোকেৰে গঠিত হৈছে৷ এই সংস্থাটোৱে এতিয়া পত্রযোগে ভাৰত আৰু পাকিস্তানৰ ক্রিকেট মেচখন সম্প্রচাৰ নকৰিবলৈ ছোনী টিভিক দাবী জনাইছে৷ পেহেলগামত সন্ত্রাসবাদী আক্রমণৰ কথা উল্লেখ কৰি এফডব্লিউআইচিইয়ে পত্রখনত এনে যিকোনো মেচ সম্প্রচাৰ কৰাটো দেশবাসীৰ আৱেগৰ বিৰুদ্ধে হ’ব বুলি আঙুলিয়াই দিয়ে৷