নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ এছিয়া কাপৰ ফাইনেলত ভাৰত–শ্রীলংকা

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰ : এইবাৰৰ এছিয়া কাপ আৰু বৰষুণ সমার্থক হৈ পৰিছে৷ প্রতিখন মেচতে প্রত্যাহ্বানৰ সৃষ্টি কৰিছে বৰষুণে৷ ভাৰত আৰু শ্রীলংকাৰ মাজত অনুষ্ঠিত হ’ব লগা মেগা ফাইনেলৰ সময়তো বৰষুণৰ সম্ভাৱনাই দেখা দিছে৷ এছিয়ান ক্রিকেট কাউন্সিলৰ তৰফৰ পৰা জনোৱা হৈছে যে ফাইনেলত ৰিজার্ভ ডে’ ৰখা হৈছে৷ অৱশ্যে কলম্বোৰ বতৰ বিভাগৰ খবৰ অনুসৰি, ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা ফাইনেল বৰষুণৰ বাবে বাতিল হ’লে সেই মেচ অনুষ্ঠিত হ’ব ৰিজার্ভ ডে’ত৷ অৱশ্যে সোমবাৰে অর্থাৎ ১৮ ছেপ্টেম্বৰত একেই কাৰণতে খেল অনুষ্ঠিত নহ’লে পইণ্ট ভগাই দিয়া হ’ব৷ কলম্বোৰ বতৰ বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি দেওবাৰে ৮০ৰ পৰা ৯০ শতাংশ বৰষুণৰ সম্ভাৱনা আছে ৷ পূর্বনির্ধাৰিত সূচী অনুসৰি দুপৰীয়া তিনি বজাৰ পৰা আৰম্ভ হ’ব ফাইনেল৷ সেই সময়ত প্রবল বৃষ্টিপাতৰ সম্ভাৱনা আছে৷ কেৱল এয়াই নহয়, পুৱা ৫ বজা আৰু সন্ধিয়া ৭ বজাতো বৰষুণ হ’ব৷ অৱশ্যে ৰাতিৰ ফালে বৰষুণৰ প্রকোপ হ্রাস পাব৷ দেওবাৰে দুয়োটা দলে অন্ততঃ ২০ অভাৰকৈ খেলিব নোৱাৰিলে সোমবাৰে ৰিজার্ভ ডে’ত খেল অনুষ্ঠিত হ’ব৷ যদি দুয়োদিনা বৰষুণৰ বাবে খেল শেষ কৰিব পৰা নাযায়, তেনেহ’লে দুয়োটা দলকে যুগ্ম বিজয়ী ঘোষণা কৰা হ’ব৷ উল্লেখ্য যে চলিত প্রতিযোগিতাখনত ভাৰতে এই পর্যন্ত ৫খন মেচ খেলিছে৷ ইয়াৰ ভিতৰত কালি ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত মেচখনৰ বাহিৰে আটাইকেইখনতে বৰষুণ হৈছিল৷ পাকিস্তানৰ বিৰুদ্ধে ছুপাৰ ফ’ৰৰ মেচখন ৰিজার্ভ ডে’ত সমাপ্ত কৰিবলগীয়া হৈছিল৷ ইয়াৰ আগতে ২০০২ চনত চেম্পিয়নছ ট্রফীৰ মেচ শ্রীলংকাত আয়োজন কৰা হৈছিল৷ সেইবাৰো ফাইনেলত প্রৱেশ কৰিছিল ভাৰত আৰু শ্রীলংকাই৷ মেচৰ দিনা আৰু ৰিজার্ভ ডে’ত বৰষুণৰ বাবে খেল বাতিল হোৱাত দুয়োখন দেশকে যুগ্ম বিজয়ী ঘোষণা কৰা হৈছিল৷ কাইলৈ পুনৰ মুখামুখি হ’ব ভাৰত আৰু শ্রীলংকা৷ উল্লেখ্য যে প্রতিযোগিতাখনৰ ফাইনেলত অনিশ্চিত হৈ পৰিছে ভাৰতীয় অলৰাউণ্ডাৰ অক্ষৰ পেটেল৷ বাংলাদেশৰ বিপক্ষে খেলা মেচখনত আঘাতপ্রাপ্ত হয় পেটেল৷ সেইবাবে ফাইনেলৰ পূর্বে ৱাশ্বিংটন সুন্দৰক মাতি পঠিওৱা হৈছে৷

You might also like