নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিপা’ৰ সন্ত্ৰাসত কেৰালাত ২৪ ছেপ্টেম্বৰলৈ শৈক্ষিক প্রতিষ্ঠান বন্ধ

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰ : কেৰালাত মাৰাত্মক ‘নিপা’ ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ৰাজ্যখনত ‘নিপা’ ভাইৰাছৰ সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে চৰকাৰে সকীয়নি দি জনগণক সজাগ হ’বলৈ আহ্বান জনাইছে৷ কালি ৩৯ বছৰীয়া এজন লোক ৰাজ্যখনৰ কোঝিকোড়েত ‘নিপা’ ভাইৰাছত আক্রান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছতে এই ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা ৬জনলৈ বৃদ্ধি পাইছে৷ মাৰাত্মক ভাইৰাছটোৰ দ্রুতগতিত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে ২৪ ছেপ্টেম্বৰলৈ সকলো শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কৰিছে৷ ইপিনে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)–এ এই ভাইৰাছটোৰ প্রতিৰোধী ভেকচিন অধিক যোগান ধৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ কেৰালাত আতংকৰ সৃষ্টি কৰা ‘নিপা’ ভাইৰাছ বাংলাদেশ প্রকৰণ৷ এই ভাইৰাছটো মানুহৰ পৰা সম্প্রসাৰিত হয় আৰু সংক্রমণৰ হাৰ নিম্ন যদিও মৃত্যুৰ হাৰ অধিক৷ এই ভাইৰাছটোৰ এতিয়ালৈকে কোনোধৰণৰ ভেকচিন ওলোৱা নাই৷ মন কৰিবলগীয়া যে বাদুলী, গাহৰি আদিৰ লগতে মানুহৰ পৰা মানুহলৈ এই ভাইৰাছটো সংক্রমিত হয়৷ ভাইৰাছত আক্রান্তৰ মৃত্যুৰ হাৰ ৭৫ শতাংশ৷ ২০১৮, ২০১৯ আৰু ২০২১ চনত এই ‘নিপা’ ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা কোঝিকোড়েত চিনাক্ত হোৱাৰ পিছত চতুর্থবাৰৰ বাবে জিলাখনত এই ভাইৰাছত আক্রান্ত লোক চিনাক্ত হৈছে৷ মন কৰিবলগীয়া যে ‘নিপা’ ভাইৰাছৰ সংক্রমণৰ চিকিৎসাৰ বাবে ভাৰতে অষ্ট্রেলিয়াৰ পৰা ২০তকৈ অধিক এণ্টিবডী ড’জ ক্রয় কৰিব৷

You might also like