নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকৰ পৰা নির্বাসন হ’ব ভাৰত

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: প্রশাসনিক সমস্যা সমাধান কৰিব নোৱাৰিলে আৰু ডিচেম্বৰৰ ভিতৰত নির্বাচন অনুষ্ঠিত নকৰিলে নির্বাসিত কৰা হ’ব ভাৰতক৷ আন্তর্জাতিক অলিম্পিক সন্থাই এই চূড়ান্ত সকীয়নি দিছে ভাৰতীয় অলিম্পিক সন্থাক৷ সেয়া হ’লে কেৱল অলিম্পিকেই নহয়, কোনো আন্তর্জাতিক প্রতিযোগিতাতে ভাৰতীয় ক্রীড়াবিদসকলে অংশগ্রহণ কৰিব নোৱাৰিব৷ কালি মাজনিশা ছুইজাৰলেণ্ডৰ লুছানত আন্তর্জাতিক অলিম্পিক সন্থাৰ কার্যনির্বাহক সমিতিৰ বৈঠক অনুষ্ঠিত হয়৷ সেই বৈঠকৰ পৰাই চূড়ান্ত সকীয়নিৰে চিঠি প্রেৰণ কৰিছে ভাৰতীয় অলিম্পিক সন্থালৈ৷

এই চিঠিত জনোৱা হৈছে যে ভাৰতীয় অলিম্পিক সন্থাই ভাৰপ্রাপ্ত অথবা অন্তর্ৱর্তীকালীন সভাপতি নিয়োগ কৰিলে, তাক গ্রাহ্য কৰা নহ’ব৷ সচিবপ্রধান ৰাজীৱ মেহতাৰ সৈতেহে যোগাযোগ ৰখা হ’ব৷ ডিচেম্বৰত পুনৰ আন্তর্জাতিক অলিম্পিকৰ কার্যনির্বাহক সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব৷ সেই সময়ত যদি ভাৰতে নিয়ম মানি লোৱা পৰিলক্ষিত নহয়, তেনেহ’লে নির্বাসিত কৰা হ’ব পাৰে ভাৰতীয় অলিম্পিক সন্থাক৷ অহা বছৰ মুম্বাইত আন্তর্জাতিক অলিম্পিক সন্থাৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সেই বৈঠক সাময়িকভাৱে বাতিল কৰা হৈছে৷

উল্লেখ্য যে ভাৰতীয় অলিম্পিক সন্থাই শীঘ্রে নির্বাচন অনুষ্ঠিত নকৰিলে সন্থাক নির্বাসিত কৰা হ’ব৷ যোৱা বছৰ ডিচেম্বৰত নির্বাচন অনুষ্ঠিত কৰাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ’ল৷ চলিত বর্ষৰ মে’ত ভাৰতীয় অলিম্পিক সন্থাৰ মুৰব্বী পদৰ পৰা নৰিন্দৰ বাট্টাক আঁতৰাই দিছিল দিল্লী উচ্চ ন্যায়ালয়ে৷ কিন্তু এই পর্যন্ত নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত কোনো উদ্যোগ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

You might also like