নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ এই ৰাশিৰ জাতক–জাতিকাই ঠিকাদাৰ, শিক্ষক, আইনজ্ঞ আৰু চিকিৎসক সকলোৰে কাৰণে এই দিনটো শুভ ফল পাব৷ বিদ্যার্থীৰ কাৰণেও দিনটো শুভ৷
বৃষ ঃ সামাজিক কর্মত জড়িত থকা ব্যক্তিসকলে কর্মক্ষেত্রত সুনাম অর্জন কৰিব৷ ব্যৱসায়ত সিমান ভাল ফল নাপাব৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
মিথুন ঃ সময়ত কার্য সম্পন্ন নোহোৱাৰ বাবে বা অর্থনৈতিক ক্ষেত্রত অভাৱৰ বাবে ক্রোধৰ মাত্রা অধিক বৃদ্ধি পাব৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
কর্কট ঃ আপোনাৰ কর্মক্ষেত্রত বাধা থকাৰ ফলত অর্থনৈতিক ক্ষেত্রত মিশ্রফল আশা কৰিব পাৰে৷ প্রেমত শুভ ফল পাব৷ চাকৰি ক্ষেত্রত আগবাঢ়িব পাৰে, শুভ ফল পাব৷
সিংহ ঃ আজিৰ দিনটো নতুন কোনো কাজ–কর্ম বা নতুন অর্থ বিনিয়োগত হাত নিদিয়া ভাল হ’ব৷ বিদ্যাত শুভ, প্রেমত হতাশা৷ শুভ ৰং কফী, শুভ সংখ্যা ১৷
কন্যা ঃ আপোনাৰ দিনটো কর্মক্ষেত্রত অনুকূল থাকিলেও পাৰিবাৰিক অশান্তি কাৰণে কর্মত বাধা আহিব পাৰে৷ চাকৰি ক্ষেত্রত নতুন ঠাই পৰিৱর্তন আহিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷
তুলা ঃ এই ৰাশিৰ জাতক–জাতিকাৰ বাবে দিনটো সিমান শুভ নহয়৷ গৃহ বিবাদ, আর্থিক নাটনি, কর্মত উদাসীনতা, শত্রু বৃদ্ধি আদি হ’ব পাৰে৷ প্রেমত বিফল৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷
বৃশ্চিক ঃ আপোনাৰ আজি গুৰুত্বপূর্ণ কোনো কামৰ দায়িত্ব পোৱাৰ ফলত কর্মৰ প্রতি উৎসাহ বৃদ্ধি পাব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷
ধনু ঃ আজি নতুন কোনো কাজ–কর্ম বা নতুন অর্থ বিনিয়োগত হাত নিদিয়া ভাল হ’ব৷ ঘৰত অতিথিৰ আগমন৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
মকৰ ঃ আজিৰ দিনটোত নতুনভাৱে উৎসাহ বৃদ্ধি পাব৷ ব্যৱসায়ত সিমান ভাল ফল নাপাব পাৰে৷ বিদ্যার্থীৰ কাৰণে ভাল৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
কুম্ভ ঃ দিনৰ মাজভাগত কর্মক্ষেত্র পৰিৱর্তনৰ যোগ দেখা যায়৷ পৰিৱেশ অনুকূল থাকিলেও অযথা মানসিক চিন্তা থাকিব৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮৷
মীন ঃ এই ৰাশিৰ জাতক–জাতিকাই আজি পুৱাই উঠি গোসাঁই ঘৰত ধূপ–ধূনা, চাকি জ্বলাই বাহিৰত ওলাব৷ বন্ধুৰ পৰা সাৱধান হ’ব৷ বিদ্যার্থীসকলৰ বাবেও ভাল দিন৷ শুভ ৰং সেউজীয়া বা বগা, শুভ সংখ্যা ২৷

You might also like