নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিডনীত উপস্থিত হ’ল ভাৰতীয় ক্রিকেট দল; ২৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব কেংগেৰু বাহিনীৰে এদিনীয়া শৃংখলা

নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ দুমহীয়া ভ্রমণসূচী লৈ অষ্ট্রেলিয়াত উপস্থিত হ’ল বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলটো৷ ডুবাইৰ পৰা বুধবাৰে অষ্ট্রেলিয়ালৈ ৰাওনা হোৱা বিৰাট ব্রিগেডে আজি ছিডনীত উপস্থিত হয়৷ সংযুক্ত আৰব আমিৰ শ্বাহীত সদ্যসমাপ্ত ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ডুবাইত মঙলবাৰে অনুষ্ঠিত ফাইনেল মেচখনত অংশগ্রহণ কৰি ভাৰতীয় দলটোৰ খেলুৱৈসকলে কেংগেৰুৰ দেশলৈ উৰা মাৰে৷

মন কৰিবলগীয়া যে অষ্ট্রেলিয়া ভ্রমণগামী ভাৰতীয় দলটোৰ অধিকাংশ খেলুৱৈয়ে আই পি এলৰ ফ্রেঞ্চাইজীকেইটাৰ হৈ খেলিছিল৷ অৱশ্যে শ্বেটেশ্বৰ পূজাৰা আৰু হনুমা বিহাৰীয়ে আই পি এলত অংশগ্রহণ কৰা নাছিল যদিও যোৱা মাহত দুয়োগৰাকী খেলুৱৈয়ে অষ্ট্রেলিয়ালৈ ৰাওনা হোৱাৰ উদ্দেশ্যে ডুবাইত উপস্থিত হৈছিল৷ ক’ৰোনাৰ আতংকৰ বাবে অষ্ট্রেলিয়ালৈ ৰাওনা হোৱা টীম ইণ্ডিয়াৰ সদস্যসকলে পি পি ই কিট পিন্ধে৷

ইফালে, সদ্যসমাপ্ত আই পি এলৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাই স্বদেশলৈ ৰাওনা হয়৷ হেমষ্ট্রিঙৰ সমস্যাত ভুগি থকা ৰোহিত শর্মাই সম্পূর্ণ আৰোগ্য লাভ কৰাৰ বাবে বাংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত অনুশীলন চলাব৷ ৰোহিত শর্মাৰ উপৰি তাৰকা পেচ বলাৰ ঈশান্ত শর্মায়ো ৰাষ্ট্রীয় ক্রিকেট একাডেমীত অনুশীলন চলাব৷ সম্প্রতি ঈশান্ত শর্মাও আঘাতত ভুগি আছে৷ দুয়োগৰাকী ক্রিকেটাৰে টেষ্ট শৃংখলাটোৰ পূর্বে ভাৰতীয় দলটোত যোগদান কৰিব৷ আনহাতে, হেমষ্ট্রিঙৰ সমস্যাত ভোগা উইকেটকীপাৰ ঋদ্ধিমান সাহাই ভাৰতীয় দলটোৰ সৈতে অষ্ট্রেলিয়াত উপস্থিত হৈছে যদিও টেষ্ট শৃংখলাত অংশগ্রহণ কৰাৰ সন্দর্ভত এতিয়াও অনিশ্চিত হৈ আছে ঋদ্ধিমান৷ ভাৰতীয় দলটোৱে ছিডনীত উপস্থিত হৈ ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন হ’ব৷ টীম ইণ্ডিয়াৰ অষ্ট্রেলিয়া ভ্রমণ ২৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব৷ বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটোৱে কেংগেৰু বাহিনীৰ সৈতে তিনিখন এদিনীয়া, তিনিখন টি–২০ আৰু চাৰিখন টেষ্ট মেচত অংশগ্রহণ কৰিব৷ এদিনীয়া শৃংখলাটো ২৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২ ডিচেম্বৰত অন্ত পৰিব৷

ইফালে, টি–২০ শৃংখলাটো ৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ৮ ডিচেম্বৰত সামৰণি পৰিব৷ আনহাতে চাৰিখনীয়া টেষ্ট শৃংখলাটো ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব৷ প্রথমখন টেষ্ট এডিলেইডত দিবা–নৈশভাৱে অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন টেষ্ট ২৬ ডিচেম্বৰৰ পৰা মেলব’ন, তৃতীয়খন টেষ্ট ৭ জানুৱাৰীৰ পৰা ছিডনী আৰু অন্তিমখন টেষ্ট ১৫ জানুৱাৰীৰ পৰা ব্রিছবেনত অনুষ্ঠিত হ’ব৷

You might also like