নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ ২.৬৫ লাখ কোটিৰ পেকেজ

কেন্দ্রীয় বিত্তমন্ত্রীৰ দীপাৱলীৰ উপহাৰ

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ দেশবাসীলৈ দীপাৱলীৰ উপহাৰ কেন্দ্রীয় চৰকাৰৰ৷ ক’ভিড–১৯সৃষ্ট জটিল অর্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ ২.৬৫ লাখ কোটি টকাৰ আত্মনির্ভৰ ভাৰত ৩.০ উদ্দীপক পেকেজ ঘোষণা কৰিলে চৰকাৰে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি এখন সংবাদ মেলযোগে অর্থনৈতিক বিকাশ উজ্জীৱিত কৰিবলৈ আত্মনির্ভৰ ভাৰত ৩.০ৰ অংশ হিচাপে ১২ দফীয়া আঁচনি ঘোষণা কৰে৷ ২.৬৫ লাখ কোটি টকা ব্যয়সাপেক্ষ এই আঁচনিসমূহৰ ভিতৰত আত্মনির্ভৰ ভাৰত ৰোজগাৰ যোজনা অন্যতম৷ এই যোজনাৰ জৰিয়তে সংস্থাপন সৃষ্টি কৰাত প্রাধান্য লাভ কৰিব ই পি এফ অ’ পঞ্জীয়নভুক্ত প্রতিষ্ঠিত সংস্থাসমূহে৷ প্রতিষ্ঠিক সংস্থাসমূহৰ যাৰ কর্মচাৰী ৫০তকৈ কম, তেনে সংস্থাই অতি কমেও দুজন নতুনকৈ কর্মচাৰীক নিযুক্তি দিব লাগিব৷ আনহাতে যিসকলৰ কর্মচাৰী ৫০তকৈ অধিক, তেনে সংস্থাই অতি কমেও পাঁচজন নতুন কর্মচাৰী নিযুক্তি দিব লাগিব৷ এই প্রক্রিয়া ছেপ্ঢেম্বৰ মাহৰ পৰাই বিবেচনা কৰা হ’ব৷ এইক্ষেত্রত তেনে সংস্থাসমূহক আঁচনিৰ জৰিয়তে চৰকাৰে সমর্থন জনাব৷ এই প্রতিষ্ঠিত সংস্থাসমূহে নতুনকৈ নিযুক্ত কর্মচাৰী, যিসকলক ই পি এফত অন্তর্ভুক্ত কৰা নাই, কিম্বা যিসকলে ১ মার্চৰ পৰা ৩০ ছেপ্ঢেম্বৰলৈ সংস্থাপন হেৰুৱাইছে, তেনে লোকক লাভান্বিত কৰিব এই সংস্থাপন আঁচনিয়ে৷ ২০২০ বর্ষৰ ১ অক্টোবৰৰ পৰা এই আঁচনিখন কার্যকৰী হৈ ২০২১ চনৰ ৩০ জুনলৈকে চলিব৷ আজি ঘোষিত পেকেজ অনুসৰি নতুনকৈ গৃহ ক্রয় কৰোঁতাসকলক কৰ ৰেহাই দিয়া হ’ব৷ ২ কোটিলৈকে গৃহ ক্রয় কৰোঁতাক কৰ ৰেহাইত অন্তর্ভুক্ত কৰা হৈছে৷ মধ্যবিত্ত শ্রেণীৰ লোকে এইক্ষেত্রত কৰ ৰেহাই লাভ কৰি লাভান্বিত হ’ব বুলিও কয় কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে৷ আনপিনে কৃষকক লাভান্বিত কৰাৰ লক্ষ্যৰে ঘোষিত পেকেজত সাৰৰ ৰাজসাহায্যৰ বাবে ৬৫ হাজাৰ কোটি টকা অনুমোদন জনোৱা হৈছে৷ কৃষকৰ বাবে প্রয়োজনীয় সাৰ পর্যাপ্ত পৰিমাণে উপলব্ধ হোৱাৰ প্রতি লক্ষ্য ৰাখিয়েই এই ব্যৱস্থা গ্রহণ কৰা হৈছে৷ তদুপৰি চলিত বিত্তীয় বর্ষত প্রধানমন্ত্রী গৰিব কল্যাণ ৰোজগাৰ যোজনাত অতিৰিক্তকৈ ১০ হাজাৰ কোটি টকা অনুমোদন জনোৱা হৈছে৷ তেনেদৰে এক্সিম বেংকক চৰকাৰে ৩ হাজাৰ কোটি টকা মুকলি কৰি দিব৷ ইয়াৰ উপৰি ক’ভিড সুৰক্ষা মিছনৰ বাবে ৯০০ কোটি টকা প্রদান কৰিব৷ ভাৰতীয় ক’ভিড–১৯ ভেকচিন বিকাশ আৰু গৱেষণাৰ বাবে এই ধনৰাশি প্রদান কৰিব কেন্দ্রীয় চৰকাৰে৷ ইমার্জেন্সী ক্রেডিট লাইন গেৰাণ্টী স্কীম ২০২১ চনৰ ৩১ মার্চলৈ সম্প্রসাৰণ কৰা হৈছে৷

You might also like