নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৃংখলা হাৰিলেও খেলৰ ষ্টেডিয়ামতে জয়ী হ’ল এজন ভাৰতীয়

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ ছিডনী ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত দ্বিতীয় এদিনীয়াতো ভাৰতৰ পৰাজয়ৰ পাছতে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাটো ২–০ৰ ব্যৱধানত জয় কৰিবলৈ সক্ষম হয় অষ্ট্রেলিয়াই।

পিচে এই ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয় এদিনীয়াৰ মাজতে ৰচিত হ’ল এক নতুন প্রেমকাহিনীৰ। এজন ভাৰতীয় সমৰ্থকে এগৰাকী অষ্ট্ৰেলিয়ান সুন্দৰী যুৱতীক দিলে প্ৰেমৰ প্ৰস্তাৱ। এই প্ৰস্তাৱ বিশ্ববাসীৰ সমুখতে গ্ৰহণ কৰিলে অষ্ট্ৰেলিয়ান যুৱতীগৰাকীয়েও।

লগতে পঢ়কঃ কাইলৈ ২৯ খন জিলাৰ হিতাধিকাৰীৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন

গোটেই ঘটনা কেমেৰাত বন্দি হৈ ভাহি আহিল টেলিভিছনক পর্দাত। ধাৰাভাষ্যকাৰেও ক’ৰোনাৰ সময়তে এনে ৰোমাণ্টিক দৃশ্যৰ প্ৰশংসা নকৰাকৈ নাথাকিল।

ইপিনে খেলৰ মাজতে ঘটা এই দৃশ্য দেখি হাততালি দি প্ৰেমিকযোগলক অভিনন্দন জনালে গ্লেন মেকচোয়েলে।

যি কি নহওক ২২ গজৰ খেলপথাৰত টীম ইণ্ডিয়াই ক্ৰীড়াপ্ৰেমীৰ হৃদয় জিনাত ব্যৰ্থ হ’লেও, গেলাৰীত অষ্ট্ৰেলিয়ান সুন্দৰী যুৱতীৰ হৃদয় জিনিলে এইগৰাকী ভাৰতীয় যুৱকে।

You might also like