নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ফুটবল দলত জ্যোতিষী নিযুক্তি!

বিশেষ বাৰ্তা, ২৩ জুনঃ বহু সময়ত খেলুৱৈয়ে নিজৰ ভাগ্য আৰু ভাগ্যৰেখাৰ বিষয়ে জানিবলৈ জ্যোতিষীৰ কাষ চাপে৷ সেয়া সর্বজনবিদিত৷ কিন্তু দলৰ ভাগ্য উজলাবলৈ কোনো ফেডাৰেচনে জ্যোতিষীৰ ওচৰ চপাৰ কার্যই সম্প্রতি সকলোকে আচৰিত কৰি তুলিছে৷ এই নাভূত–নাশ্রুত ঘটনাটো সংঘটিত হৈছে ভাৰতীয় ফুটবল ফেডাৰেচনত৷ এ এফ চি এছিয়ান কাপৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰাৰ বাবে ৰাষ্ট্রীয় দলটোক প্রেৰণা যোগাবলৈ ভাৰতীয় ফুটবল ফেডাৰেচনে এটা জ্যোতিষী প্রতিষ্ঠানৰ কাষ চাপিছিল আৰু ইয়াৰ বাবে এ আই এফ এফে জ্যোতিষী প্রতিষ্ঠানটোৰ ওপৰত ১৬ লাখ টকা খৰচ কৰাৰ কথা সম্প্রতি পোহৰলৈ আহিছে৷ মন কৰিবলগীয়া যে তাৰকা ফুটবলাৰ সুনীল ছেত্রী নেতৃত্বাধীন ভাৰতীয় ফুটবল দলটোৱে এ এফ চি এছিয়ান কাপৰ কোৱালিফিকেচনত গ্রুপত শীর্ষস্থান দখল কৰি প্রতিযোগিতাখনৰ ফাইনেললৈ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হয়৷ এক সূত্রৰ পৰা জানিব পৰা মতে এছিয়ান কাপৰ পূর্বে ভাৰতীয় দলটোত এজন প্রেৰণাদায়ক নিযুক্তি দিয়া হৈছিল৷ পিছলৈ পোহৰলৈ আহিছিল যে যিটো কোম্পানী নিয়োজিত আছিল, সেয়া আছিল এটা জ্যোতিষ বিজ্ঞানৰ প্রতিষ্ঠান৷ স্পষ্টকৈ ক’বলৈ গ’লে দলটোক প্রেৰণা দিবলৈ এজন জ্যোতিষীক নিযুক্তি দিয়া হৈছিল আৰু ইয়াৰ বাবে ভাৰতীয় ফুটবল ফেডাৰেচনে ১৬ লাখ টকাৰ বিশাল ধন পৰিশোধ কৰিছিল৷ ইপিনে, ভাৰতীয় দলটোৰ প্রাক্তন গ’লৰক্ষক তনুময় বোসে এই ধাৰণাটোক উপহাস কৰি এ আই এফ এফক হাস্যৰসত পৰিণত হোৱাৰ বাবে তীব্র প্রতিক্রিয়া প্রকাশ কৰে৷ ভাৰতীয় ফুটবলৰ বাবে ব্লেক মেজিক নতুন নহয়৷ দিল্লীৰ এটা ক্লাবে এখন গুৰুত্বপূর্ণ লীগ মেচৰ বাবে মিৰাটস্থিত এজন বাবাৰ শৰণাপন্ন হৈছিল আৰু উক্ত মেচখনত জয়লাভ কৰাৰ পিছত দলটোৱে বাবাক সফলতাৰ কৃতিত্ব দিছিল৷ উল্লেখ্য যে সদ্যসমাপ্ত এ এফ চি এছিয়ান কাপ ফুটবলৰ কোৱালিফিকেচনত অপ্রতিৰোধ্য সুনীল ছেত্রী নেতৃত্বাধীন ভাৰতীয় দলটোৱে কম্বোডিয়াক ২–০ গ’লত পৰাস্ত কৰাৰ পিছত পৰৱর্তী মেচ দুখনত ক্রমে আফগানিস্তানক কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত ২–১ গ’লত আৰু তৃতীয় তথা অন্তিমখন মেচত হংকঙক ৪–০ গ’লত বিধ্বস্ত কৰি গ্রুপৰ শীর্ষত থাকি প্রতিযোগিতাখনৰ ফাইনেললৈ যোগ্যতা অর্জন কৰিছিল৷ উক্ত প্রতিযোগিতাখনত অধিনায়ক সুনীল ছেত্রীয়ে তিনিখন মেচত চাৰিটাকৈ গ’ল স্ক’ৰ কৰি দলটোক ফাইনেলত প্রৱেশ কৰোৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷

You might also like