নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও চহৰত বনৰীয়া মখনা হাতীৰ চফৰ

বিশেষ বাৰ্তা, ২৩জুন : নগাঁও চহৰত আজি নিচেই পুৱাতে এটি মখনা হাতীৰ বিচৰণক লৈ আতংকৰ সৃষ্টি হয় ৷ চহৰখনৰ হয়বৰগাঁৱত পুৱাতে চি চি কেমেৰাত ধৰা পৰে বনৰীয়া হাতীটো৷ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ওচৰত ৰাজপথত পুৱা ৪-৪৫ বজাত হাতীটোয়ে মুক্ত বিচৰণকৰাৰ পিছত নগাঁও চহৰৰ মাজেৰে মৰিকলং হৈ মাহৰোলৰ ফালে যায় ৷ বৰ্তমান মহৰোলৰ এখন বিলত অৱস্হান কৰি আছে গজৰাজে ৷ বন বিভাগে লাওখোৱা বুঢ়াচাপৰিৰ পৰা হাতীটো ওলাই অহা বুলি সন্দেহ কৰিছে ৷ বানৰ বাবে অভয়াৰন্যৰ পৰা ওলাই আহে হাতীটো ৷ ধিঙ হৈ ওলাই অহা হাতীটো নিশা জাজৰী,বেবেজীয়া হৈ নগাঁও চহৰত প্ৰবেশ কৰে ৷ হাতী ওলোৱাৰ বাতৰি বিয়পি পৰাত বন বিভাগ আৰু আৰক্ষী দলে অভিযান আৰম্ভ কৰিছে ৷ বিলত আশ্ৰয় লৈ থকা হাতীটো বৰ্তমান বন আৰু আৰক্ষীৰ লোকে নজৰত ৰাখিছে ৷

প্ৰেৰক কনক হাজৰিকা

You might also like