৪১ বছৰীয়া অপেক্ষাৰ অন্তঃ অলিম্পিকত জাৰ্মানীক পৰাস্ত কৰি ভাৰতীয় পুৰুষ হকী দলে লাভ কৰিলে ব্ৰঞ্জৰ পদক
নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ ভাৰতীয় হকী দলে (Indian hockey Team) ব্ৰঞ্জৰ পদকৰ বাবে জাৰ্মানীৰ বিৰুদ্ধে খেলি আজি ৪-৫ গ’লৰ ব্যৱধানত পৰাস্ত কৰে আৰু ৪১ বছৰৰ পিছত অলিম্পিকত পদক জয়ৰ সোৱাদ লাভ কৰে।
উল্লেখ্য যে ভাৰতে শেষবাৰৰ বাবে ১৯৮০ চনৰ মস্কো অলিম্পিকত পদক জিকিছিল।
ইপিনে খেলখনত ভাৰতীয় দলটো এটা সময়ত ১-৩ ত পিছ পৰি আছিল যদিও দলটোৱে খেলখন জিকিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। আৰম্ভণি দুৰ্বল হোৱাৰ পাছতো ভাৰতীয় খেলুৱৈসকলে সুন্দৰ প্ৰত্যাৱৰ্তন কৰি পুনৰ অলিম্পিকত ইতিহাস সৃষ্টি কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে।