নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ IPL, ৯ এপ্রিলৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ চতুর্দশ সংস্কৰণটো ৯ এপ্রিলৰ পৰা আৰম্ভ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ বি চি চি আইৰ এক সূত্রত  এই কথা সদৰী৷

সংবাদ প্রতিষ্ঠান পি টি আয়ে সদৰী কৰা মতে, ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ সীমিত অভাৰৰ শৃংখলাটো সমাপ্ত হোৱাৰ ১২ দিন পিছতেই আই পি এলখন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ প্রতিযোগিতাখন ৯ এপ্রিলৰ পৰা আৰম্ভ হ’ব আৰু ৩০ মে’ত ফাইনেল মেচখন খেলোৱা হ’ব বুলি সংবাদ প্রতিষ্ঠানৰ সূত্রটোত প্রকাশ৷

You might also like