নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াও বিস্ফোৰক বীৰেন্দ্ৰ সেৱাগ, ৰোড ছেফটী বিশ্ব ছিৰিজ টি–২০ত চমক

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ ইণ্ডিয়া লিজেণ্ড দলে আনএকাডেমী ৰোড ছেফটী বিশ্ব ছিৰিজ টি–২০ ক্রিকেট প্রতিযোগিতাত জয়েৰে পুনৰ অভিযান আৰম্ভ কৰিছে৷ ৰায়পুৰৰ বীৰ নাৰায়ণ সিং আন্তর্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ইণ্ডিয়া লিজেণ্ডে বাংলাদেশ লিজেণ্ডক ১০ উইকেটত পৰাস্ত কৰে৷

ভাৰতীয় দলটোৰ এই জয়ৰ মূলতেই হ’ল অ’পেনাৰ বীৰেন্দ্র সেৱাগৰ বিস্ফোৰক বেটিং৷ শচীন তেণ্ডুলকাৰৰ সৈতে ইনিংছ মুকলি কৰি সেৱাগে ৩৫টা বলত ১০টা চাৰি আৰু ৫টা ছয়েৰে অপৰাজিতভাৱে ৮০ ৰান কৰে৷ অধিনায়ক শচীনে ২৬টা বলত পাঁচটা চাৰিৰে ৩৩ ৰান কৰে৷ বাংলাদেশে জয়ৰ বাবে বান্ধি দিয়া

১১০ ৰানৰ লক্ষ্য ভাৰতে ১০.১ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ অতিক্রম কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ নাজিমুদ্দিনৰ ৪৯ ৰানৰ সহায়ত বাংলাদেশে ১৯.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১০৯ ৰান কৰে৷ নাজিমুদ্দিনৰ ৩৩টা বলৰ ইনিংছটোত আছিল ৮টা চাৰি আৰু এটা ছয়৷ ভাৰতৰ হৈ বিনয় কুমাৰ, প্রজ্ঞান ওজা আৰু ইউছুফ পাঠানে দুটাকৈ উইকেট দখল কৰে৷ ভাৰতীয় দলটোৱে ৯ মার্চত হ’বলগীয়া মেচখনত ইংলেণ্ডৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

You might also like