নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় খেল ফাউণ্ডেচনৰ সপ্তম ৰাষ্ট্ৰীয় গেমছঃ সোণৰ পদকেৰে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়ালে ভাস্কৰজ্যোতিয়ে

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰঃ যোৱা ১৬ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈকে মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেচনৰ সপ্তম ৰাষ্ট্ৰীয় গেমচত SBKF MULTIPLE NATIONAL GAMES ত ডিব্ৰুগড় জিলাৰ মদাৰখাত অঞ্চলৰ হাটখোলা গাঁৱৰ ভাস্কৰজ্যোতি দত্তই অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ৬০ আৰু ১০০ মিটাৰ দৌৰত সোণৰ পদক‌ আৰু ডিচকাছ থ্ৰ’ত ৰূপৰ পদক লাভ কৰি মদাৰখাতৰ লগতে সমগ্ৰ অসমক গৌৰৱাম্বিত কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ভাস্কৰ দত্ত দুলীয়াজান-নুমলীগড় পাইপ লাইন লিমিটেড (দুলীয়াজান অসম)ৰ নিৰাপত্তা বিষয়া হিচাপে বৰ্তমান কৰ্মৰত। মদাৰখাতৰ হাটখোলা গাঁৱৰ নিবাসী বিশ্বনাথ দত্ত আৰু পূৰ্ণিমা ভঁৰালী দত্তৰ সুযোগ্য সন্তান এই খেলুৱৈ গৰাকীৰ  সাফল্যত সমগ্র অঞ্চল তথা জিলাখনৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। অঞ্চলটোৰ লগতে জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰেৰক বিভাষ দুৱৰা
You might also like