নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানচেষ্টাৰ টেষ্টৰ পূর্বে আঘাতত জুৰুলা ভাৰত

🔹 কাইলৈ চতুর্থ টেষ্টত খেলিব বুমৰাহে

নিউজ ডেস্ক, ২২ জুলাই : মানচেষ্টাৰ টেষ্টৰ পূর্বে মহাবিপদত পৰিছে টীম ইণ্ডিয়া৷ শৃংখলাৰ চতুর্থখন টেষ্টলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত ইটোৰ পাছত সিটো আঘাতৰ সমস্যাত ভুগিছে ভাৰতীয় দলটো৷ তাৰকা পেচ বলাৰ অর্শদীপ সিঙৰ পাছত মানচেষ্টাৰ টেষ্টৰ লগতে শৃংখলাটোৰ পৰাও বাহিৰ হয় অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী৷

ইপিনে, আঘাতৰ বাবে বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বিজয় অপৰিহার্য টেষ্টখনত অংশগ্রহণ অনিশ্চিত হৈ পৰিছে তাৰকা পেচ বলাৰ আকাশদীপৰো৷ বর্তমান আকাশদীপ গ্রাইণ্ডৰ আঘাতত ভুগি আছে৷ সম্প্রতি তাৰকা পেচ বলাৰগৰাকীক নিৰীক্ষণ কৰি আছে বলিং প্রশিক্ষণ মর্নে মর্কেলে৷ চতুর্থ টেষ্টৰ পূর্বে আকাশদীপ আঘাতৰ পৰা সম্পূর্ণ সুস্থ হৈ উঠিব বুলি আশা ব্যক্ত কৰিছে বলিং প্রশিক্ষকগৰাকীয়ে৷ শৃংখলাটোত বর্তি থকাৰ বাবে মানচেষ্টাৰ টেষ্টত জয়লাভ কৰাটো অত্যন্ত প্রয়োজনীয় হৈ পৰিছে ভাৰতীয় দলটোৰ৷ বিজয় অপৰিহার্য টেষ্টখনৰ পূর্বে আঘাতৰ সমস্যাই চিন্তিত কৰি তুলিছে শুভমন গিল বাহিনীক৷

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ এক বিবৃতিত কোৱা হৈছে যে আঁঠুৰ আঘাতৰ বাবে নীতিশ কুমাৰ ৰেড্ডীয়ে শৃংখলাটোৰ অন্তিম দুখন টেষ্টত খেলিব নোৱাৰিব৷ অলৰাউণ্ডাৰগৰাকীয়ে অচিৰেই স্বদেশলৈ উভতিব৷ ইফালে, মানচেষ্টাৰ চেষ্টৰ পৰা বাহিৰ হৈছে অর্শদীপ সিঙো৷ বেকেনহামত অনুশীলন কৰি থকাৰ সময়তে বাঁওহাতৰ বুঢ়া আঙুলিত আঘাত পাইছিল অর্শদীপে৷ অর্শদীপৰ স্থান পূৰাবৰ বাবে ব’র্ডে অংশুল কম্বোজক ভাৰতীয় দলটোলৈ আমন্ত্রণ জনাইছে৷

ইপিনে, মানচেষ্টাৰ টেষ্টলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত অনুৰাগীক সুখবৰ দিছে তাৰকা পেচ বলাৰ মহম্মদ ছিৰাজে৷ ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া মানচেষ্টাৰ টেষ্টত অভিজ্ঞ পেচ বলাৰ যশপ্রীত বুমৰাহে অংশগ্রহণ কৰিব বুলি নিশ্চিত কৰিছে মহম্মদ ছিৰাজে৷ অর্শদীপ সিং, নীতিশ কুমাৰ ৰেড্ডী বাহিৰ হোৱাৰ পাছত মানচেষ্টাৰ টেষ্টত আকাশদীপৰো অংশগ্রহণ অনিশ্চিত হৈ থকাত বুমৰাহে টেষ্টখনত খেলিবলৈ সাজু বুলি ছিৰাজে ব্যক্ত কৰে৷ ইফালে, টেষ্টখনৰ মূল একাদশত কুলদীপ যাদৱে স্থান লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like