নিউজ ডেস্ক, ২২ জুলাই : কেৰালাৰ প্রাক্তন মুখ্যমন্ত্রী তথা প্রবীণ বাঁওপন্থী ৰাষ্ট্রনেতা ভি এছ অচ্যুতানন্দনৰ কালি ১০১ বছৰ বয়সত পৰলোকপ্রাপ্তি হয়৷ চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক এম ভি গোবিন্দনে প্রবীণ বাঁওপন্থী নেতা অচ্যুতানন্দনৰ দেহাৱসান ঘটা বুলি আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে৷
তিৰুৱনন্তপুৰমৰ এখন ব্যক্তিগত হাস্পতালত হূদৰোগত আক্রান্ত হোৱাৰ পাছত প্রায় এমাহ ধৰি চিকিৎসাধীন হৈ থকা প্রাক্তন মুখ্যমন্ত্রী অচ্যুতানন্দনৰ কালি মৃত্যু হয়৷ বাঁওপন্থী আদর্শৰ লগতে জনতাৰ কাৰণে আজীৱন সেৱা আগবঢ়োৱা বাঁওপন্থী নেতা অচ্যুতানন্দন চিপিআই (এম)ৰ প্রতিষ্ঠাপক সদস্য আছিল৷ শ্রমিকৰ অধিকাৰ, ভূমি সংস্কাৰ আৰু সামাজিক ন্যায়ৰ কাৰণে আজীৱন যুঁজ দিয়া অচ্যুতানন্দনে ২০০৬ চনৰ পৰা ২০১১ চনলৈকে কেৰালাৰ মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰিছিল৷