নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়া ভ্রমণলৈ ভাৰতীয় দল ঘোষণা, ৰোহিত শর্মা বাহিৰ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: বহু প্রত্যাশিত অষ্ট্রেলিয়া ভ্রমণলৈ ভাৰতীয় দল ঘোষণা কৰা হৈছে৷ সুনীল যোশী নেতৃত্বাধীন ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়ে  অষ্ট্রেলিয়াৰ বিৰুদ্ধে অহা নৱেম্বৰ–ডিচেম্বৰ– খেলিবলগীয়া এদিনীয়া, টি–২০ আৰু টেষ্ট শৃংখলালৈ ভাৰতীয় দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰে৷ আই পি এলৰ পিছতে আৰম্ভ হ’বলগীয়া এই শৃংখলাৰ বাবে ঘোষিত দলকেইটাৰ পৰা বাহিৰ হৈছে অ’পেনাৰ ৰোহিত শর্মা৷

হেমষ্ট্রিঙৰ আঘাতৰ বাবে তাৰকাগৰাকীক দলত অন্তর্ভুক্ত কৰা নাই বুলি নির্বাচক মণ্ডলীয়ে সদৰী কৰিছে৷ তেওঁৰ স্থানত মায়ংক আগৰৱালে টি–২০ আৰু এদিনীয়া দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ একেদৰে আই পি এলত কলকাতা নাইট ৰাইডার্ছৰ হৈ চমকপ্রদ প্রদর্শন দাঙি ধৰা উদীয়মান স্পিনাৰ বৰুণ চক্রৱর্তীয়ে ভাৰতীয় টি–২০ দলটোলৈ আমন্ত্রণ লাভ কৰিছে৷ উদীয়মান উইকেটৰক্ষক ঋষভ পণ্ট অ’ভাৰৱেটৰ বাবে টি–২০ আৰু এদিনীয়া দলৰ পৰা বাদ পৰিছে৷

টি–২০ দলটো: কোহলি (অধিনায়ক), ধাৱন, মায়ংক, কে এল ৰাহুল (সহঃ অধিনায়ক, উইকেটৰক্ষক), শ্রেয়াছ আয়াৰ, মনীষ পাণ্ডে, হার্দিক, সঞ্জু ছেমছন, জাদেজা, ৱাশ্বিংটন, ছাহাল, বুমৰাহ, ছামি, নৱদীপ ছাইনী, দীপক চহৰ আৰু বৰুণ চক্রৱর্তী

এদিনীয়া দলটো: কোহলি (অধিনায়ক), ধাৱন, শুভমন, ৰাহুল, আয়াৰ, পাণ্ডে, হার্দিক, মায়ংক, জাদেজা, ছাহাল, কুলদীপ, বুমৰাহ, ছামি, ছাইনী আৰু ছার্দুল

টেষ্ট দলটো: কোহলি (অধিনায়ক), মায়ংক, পৃথ্বি শ্ব, ৰাহুল, পূজাৰা, ৰাহানে, বিহাৰী, শুভমন, শ্বাহা, পণ্ট, বুমৰাহ, ছামি, উমেশ, ছাইনী, কুলদীপ, জাদেজা, ৰবিচন্দ্রন অশ্বিন, আৰু মহম্মদ চিৰাজ৷

You might also like