নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ প্লে’ অফৰ সূচী ঘোষণাঃ ১০ নৱেম্বৰত ডুবাইত ফাইনেল

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: চলিত আই পি এলৰ কোৱালিফায়াৰ ১ আৰু ফাইনেল ডুবাইত অনুষ্ঠিত হ’ব৷ ইয়াৰ বিপৰীতে আবু ধাবিয়ে আন দুখন প্লে’ অফ মেচ আয়োজন কৰিব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আই পি এলৰ প্লে’ অফৰ সূচী ঘোষণা কৰি দেওবাৰে এই কথা প্রকাশ কৰিছে৷ লীগ পর্যায়ৰ প্রথম দুটা স্থান লাভ কৰা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া কোৱালিফায়াৰ ৱান ৫ নৱেম্বৰত আৰু ফাইনেল ১০ নৱেম্বৰত খেলোৱা হ’ব৷

ইফালে, লীগ পর্যায়ৰ তৃতীয় আৰু চতুর্থ স্থানপ্রাপ্ত দল দুটাৰ মাজত ৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এলিমিনেটৰ মেচখন আবু ধাবিয়ে আয়োজন কৰিব৷ একেদৰে এলিমিনেটৰৰ বিজয়ী আৰু কোৱালিফায়াৰ ১ৰ পৰাজিত দলৰ মাজত ৮ নৱেম্বৰত কোৱালিফায়াৰ ২ অনুষ্ঠিত হ’ব৷

You might also like