নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা সভ্যতাই অসমক আক্রমণৰ লক্ষ্য কৰি লৈছেঃ মন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: অসমৰ জাতীয় জীৱন, কলা–সংস্কৃতিক সাম্প্রদায়িকতাৰে আঘাত কৰাৰ এক ভয়ংকৰ ষড়যন্ত্রত লিপ্ত হৈছে কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদ৷ অসমীয়া কলা–সংস্কৃতিৰ পীঠস্থান শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা সংগ্রহালয় স্থাপনৰ লক্ষ্যৰে শেহতীয়াকৈ বিধানসভাৰ ষ্টেণ্ডিং কমিটীৰ সিদ্ধান্তক লৈ সংগ্রহালয় সঞ্চালকলৈ বিধায়কগৰাকীয়ে প্রেৰণ কৰা এখন পত্রই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়া৷ সম্পূর্ণ সাম্প্রদায়িক উদ্দেশ্যৰে শ্বেৰমান আলীয়ে মিঞা সংগ্রহালয় স্থাপনৰ বাবে আগবঢ়োৱা প্রস্তাৱে দল–সংগঠনকেই নহয়, ৰাজ্যবাসীকো ক্ষুব্ধ কৰি তুলিছে৷ অসমীয়া সভ্যতা–সংস্কৃতিক বিনষ্ট কৰাৰ সমান্তৰালকৈ ধর্মীয় মেৰুকৰণৰ লক্ষ্যৰে আগবঢ়োৱা এই প্রস্তাৱক লৈ তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতি৷ কংগ্রেছী বিধায়ক শ্বেৰমান আলী আহমেদৰ এই মন্তব্যক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্রীৰ স্পষ্ট মন্তব্য– শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত থাকিব কেৱল গুৰুজনাৰ আদর্শ৷

কালি বিজয় দশমীৰ দিনা উগ্রতাৰা মন্দিৰত সেৱা ল’বলৈ যোৱা মুখ্যমন্ত্রীগৰাকীয়ে কংগ্রেছী বিধায়কজনৰ নাম নোলোৱাকৈ মিঞা সংগ্রহালয় নস্যাৎ কৰাই নহয় তেওঁ কয় কলাক্ষেত্রত থাকিব কেৱল গুৰুজনাৰ জীৱন, দর্শন, সাহিত্য, কলা–সংস্কৃতি৷ কিয়নো এই কলাক্ষেত্র নির্মাণ হৈছিল কেৱল গুৰুজনাৰ আদর্শক আগত লৈ আমি সেই আদর্শ জীয়াই ৰখাৰ স্বার্থত ভক্তিভাৱেৰে কাম কৰিব লাগিব৷

উল্লেখ্য যে মিঞা সংগ্রহালয় গঠনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰলৈ পত্র প্রেৰণ কৰি শ্বেৰমান আলীয়ে সৃষ্টি করা বিতর্কক লৈ দল–সংগঠনৰ লগতে ব্যক্তিবিশেষেও বিধায়কজনৰ এই কার্যক একমুখে ধিক্কাৰ দিছে৷ অসমীয়া সভ্যতা–সংস্কৃতিলৈ প্রত্যাহ্বান কঢ়িয়াই অনা এই প্রসংগক ইতিমধ্যে পোনছাটেই নস্যাৎ কৰিছে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শ্বেৰমান আলী আহমেদৰ প্রস্তাৱক আঙুলিয়াই ড০ শর্মাৰ মন্তব্য– এটা বিশেষ সভ্যতাই অসমীয়া কলা–সংস্কৃতিক আক্রমণৰ চেষ্টা কৰিছে৷ এটা সভ্যতাই আক্রমণৰ লক্ষ্য কৰি লৈছে অসমক৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত কোনো কাৰণতে মিঞা সংগ্রহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব বুলিও তেওঁ  পুনৰ স্পষ্ট কৰে৷ ড০ শর্মাই কয়– শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রতেই নহয়, ৰাজ্যৰ কোনো প্রান্ততে মিঞা সংগ্রহালয় স্থাপন কৰিব নিদিয়ে ৰাজ্য চৰকাৰে৷ এইক্ষেত্রত চৰকাৰৰ ভূমিকা আপোচবিহীন৷

আনহাতে,  চাংসাৰিৰ বাৰোৱাৰী দুর্গাপূজাত উপস্থিত হৈ ড০ শর্মাই পুনৰ কয়– এই বিষয়ত মই ইতিমধ্যে স্পষ্ট কৰিছোঁ যে কলাক্ষেত্রত কোনো কাৰণতে সংগ্রহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব৷ যি কমিটীয়ে এই প্রস্তাৱ দিছে, সেই প্রতিবেদন আলমাৰিত কাগজ হিচাপেই পৰি থাকিব৷ যেতিয়ালৈকে অসমত অসমীয়া মানুহ জীয়াই আছে, তেতিয়ালৈকে কলাক্ষেত্রত মিঞা সংগ্রহালয় হ’ব নোৱাৰে৷ প্রস্তাৱৰ এই কাগজ ফাইলতে আবদ্ধ থাকিব৷ উল্লেখ্য যে ৰাজ্যিক সংগ্রহালয়লৈ বিধায়ক শ্বেৰমান আলী আহমেদে মিঞা সংগ্রহালয় স্থাপনৰ বাবে প্রেৰণ কৰা পত্রৰ উদ্ধৃতি দি ৰাজ্য চৰকাৰৰ বিত্ত, লোকনির্মাণ, স্বাস্থ্য আদি বিভাগৰ মন্ত্রীগৰাকীয়ে টুইটযোগে এই সংগ্রহালয় স্থাপন হ’ব দিয়া নহ’ব বুলি কালি স্পষ্ট কৰি দিছে৷ শ্বেৰমান আলী আহমেদে এই ষড়যন্ত্রক লৈ অগপ সভাপতি তথা মন্ত্রী অতুল বৰায়ো তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ মন্ত্রী অতুল বৰাৰ ভাষ্য– শ্বেৰমান আলীয়ে অসমীয়া সভ্যতা–সংস্কৃতিৰ ওপৰত ছার্জিকেল ষ্ট্রাইক কৰিছে৷ বোকাখাতত মন্ত্রীগৰাকীয়ে এই মন্তব্য কৰি কয়– অসম চুক্তিৰ ফলত হোৱা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা সংগ্রহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব৷ বংগীয় মুছলমানৰ বাবে কলাক্ষেত্রত সংগ্রহালয় স্থাপনৰ প্রস্তাৱ চৰম দুর্ভাগ্যজনক৷ শ্বেৰমান আলীক ভৱিষ্যতে তেনে ধৰণৰ মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে৷ আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মন্তব্য– শ্বেৰমান আলীয়ে ধর্মান্তৰ হৈ গুৰুজনাৰ চৰণত নিজকে অর্পণ কৰক৷ তেতিয়াহে তেওঁৰ এই দাবীৰ যুক্তিযুক্ততা থাকিব৷ কলাক্ষেত্রত মিঞা সংগ্রহালয় স্থাপন কৰিবলৈ অসমৰ ৰাইজে কেতিয়াও নিদিয়ে৷ আনহাতে শ্বেৰমান আলীৰ এই মন্তব্যক লৈ আছু আৰু যুৱ–ছাত্র পৰিষদেও তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ আছুৰ সভাপতি দীপাংক নাথে এই সন্দর্ভত কয়– শ্বেৰমান আলীৰ শৰীৰৰ পৰা সাম্প্রদায়িকতাৰ গোন্ধ যোৱাই নাই৷ এক বিশেষ সম্প্রদায়ক লক্ষ্য কৰি এই সাম্প্রদায়িক প্রস্তাৱ দাঙি ধৰিছে বিধায়কজনে৷ ইয়াৰ উদ্দেশ্য যে কেৱল সাম্প্রদায়িক মেৰুকৰণেৰে নির্বাচনত ভোট লাভ কৰা সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ আছুৱে এইক্ষেত্রত স্পষ্ট কৰি দিয়ে যে কোনো এক সম্প্রদায়ক লক্ষ্য কৰি এই ধৰণৰ ৰাজনীতি যাতে নকৰে, তাৰ বাবে সকলোকে সকীয়াই দিছে৷

আনহাতে, জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কলাক্ষেত্রত কোনো কাৰণতে মিঞা সংগ্রহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰিছে৷ এই প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয়– মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দুর্বলতাৰ বাবেই শ্বেৰমান আলীয়ে এই প্রস্তাৱ দাঙি ধৰিব পাৰিছে৷ বিধানসভাত শ্বেৰমান আলীয়ে আগবঢ়োৱা প্রস্তাৱক বিজেপিৰ একাংশ বিধায়কেও সমর্থন কৰিছে৷

You might also like