টি-২০ বিশ্বকাপত প্রথম পৰাজয় টীম ইণ্ডিয়াৰ, অপ্রতিৰোধ্য ভাৰত থমকিল ছুপাৰ এইটৰ মেচত
নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : গ্রুপ পর্যায়ত সুন্দৰ প্রদর্শনেৰে অপ্রতিৰোধ্য হৈ থকা ভাৰতীয় দলে দেওবাৰে ছুপাৰ এইটৰ প্রথমখন মেচত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ৭৬ ৰানত পৰাস্ত হয়৷ এয়া চলিত টি–২০ বিশ্বকাপত সূর্য বাহিনীৰ প্রথম পৰাজয়৷
ভাৰতীয় দলটোৱে দক্ষিণ আফ্রিকাই বান্ধি দিয়া ১৮৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি আৰম্ভণিৰে পৰাই বিপক্ষৰ বলাৰৰ সন্মুখত বেছি সময় তিস্তিব নোৱাৰিলে৷ বিগত তিনিখন মেচত শূন্যতে আউট হোৱা অ’পেনাৰ অভিষেক শর্মাই পুনৰ দর্শকক হতাশ কৰিলে৷ শিৱম ডুবে (৪২)ৰ বাদে ভাৰতীয় দলৰ কোনো এগৰাকী বেটাৰে ২০ৰ ডেওনা পাৰ কৰিব নোৱাৰিলে৷ গ্রুপ পর্যায়ত দুর্দান্ত প্রদর্শন কৰা দলটোৰ বেটাৰসকলে প্রটিয়াজ বাহিনীৰ সন্মুখত ছন্দ হেৰুৱায়৷ যাৰ ফলত ১৮.৫ অভাৰত ১১১ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই স্তব্ধ হৈ পৰে ভাৰত৷
আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত প্রথমে টছত জিকি দক্ষিণ আফ্রিকাই বেটিঙৰ সিদ্ধান্ত লয়৷ ইনিংছ আৰম্ভ কৰি প্রটিয়াজ বাহিনীৰ দুয়োগৰাকী অ’পেনাৰ আৰু টপ অর্ডাৰ বেটাৰে সোনকালেই পেভিলিয়নমুখী হ’লেও মিডিল অর্ডাৰ ডেৱাল্ড ব্রেভিছ, ডেভিদ মিলাৰ আৰু ট্রিষ্টান ষ্টাবৰ দর্শনীয় বেটিঙেৰে নির্ধাৰিত ২০ অভাৰত দলটোৱে ৭ উইকেট হেৰুৱাই ১৮৭ ৰান সংগ্রহ কৰে৷ ব্রেভিছে ২৯টা বলত ৩টা ছয় আৰু ৩টা চাৰিৰে ৪৫ ৰান, মিলাৰে ৩৫টা বলত ৭টা চাৰি আৰু ৩টা ছয়েৰে ৬৩ ৰান আৰু ষ্টাবে ২৪টা বলত এটা চাৰি আৰু তিনিটা ছয়েৰে ৪৪ ৰানৰ বৰঙণি আগবঢ়ায়৷ ভাৰতৰ হৈ যশপ্রীত বুমৰাহে ৩টা উইকেট আৰু অর্শদীপ সিঙে ২টা উইকেট দখল কৰে৷ ডেভিদ মিলাৰক প্লেয়াৰ অৱ দ্য মেচ সন্মান প্রদান কৰা হয়৷