সম্পাদকীয় : এ কিউ আই
সম্প্রতি সর্বত্র উচ্চাৰিত একিউআই হ’ল বায়ুৰ গুণমান সূচক৷ বায়ুত দূষিত পদার্থ বা কণাৰ উপস্থিতি বুজাবলৈ এই সূচক ব্যৱহাৰ কৰা হয়৷ বায়ুৰ গুণমান সূচক আঠটা প্রদূষকৰ দ্বাৰা বুজোৱা হয়৷ এইকেইটা হ’ল pm10, pm 2.5, No2, So2, Co, O3,NH আৰুpb৷ ভাৰতৰ ৰষ্ট্রীয় এয়াৰ কোৱালিটী ইনডেক্স (একিউআই) কেন্দ্রীয় পৰিৱেশ মন্ত্রী প্রকাশ জাভড়েকাৰে ২০১৪ বর্ষৰ ১৭ ছেপ্টেম্বৰত নতুন দিল্লীত স্বচ্ছ ভাৰত অভিযানৰ অধীনত আৰম্ভ কৰিছিল৷ যিকোনো চহৰ বা মহানগৰত বায়ু প্রদূষণৰ প্রধান উপাদানসমূহ হ’ল বায়ৱীয় pm 2.5 আৰু pm10 কণা৷ এইসমূহৰ মাত্রা বাঢ়িলে মানৱ শৰীৰত বিভিন্ন ধৰণৰ বিসংগতি, যেনে– শ্বাস কষ্ট, চকুৰ পোৰণি, বুকুৰ ধৰফৰণি আদি পৰিলক্ষিত হয়৷ বিশেষকৈ শিশু, বয়সস্থ আৰু ৰোগীৰ বাবে এই পৰিস্থিতি উদ্বেগজনক৷ একিউআইৰ স্তৰ ০–৫০ৰ মান থাকিলে ভাল বুলিব পৰা যায়৷ সেই অনুক্রমে ৫১–১০০ৰ মাজত থাকিলে সন্তোষজনক, ১০১–২০০ৰ মাজত থাকিলে মধ্যৱর্তী অৱস্থা, ২০১–৩৫০ বেয়া, ৩০১–৪০০ক অতি বেয়া আৰু ৪০১–৫০০ বা ততোধিক হ’লে গুৰুতৰ বুলি বিবেচনা কৰা হয়৷ ২১ ফেব্রুৱাৰীত কলকাতাৰ একিউআই ১৬৮, নতুন দিল্লীৰ ১৮৬, মুম্বাইৰ ১৭৬, আহমেদাবাদৰ ১৫৭, নাগপুৰৰ ১৭০, হায়দৰাবাদৰ ১১২, বেংগালুৰুৰ ৮০ আৰু চেন্নাইৰ ১০৭৷ চাবলৈ গ’লে বেংগালুৰুৰ বাহিৰে দেশৰ গুৰুত্বপূর্ণ মহানগৰকেইখনৰ বায়ুৰ শুদ্ধতাক লৈ সংশয়ৰ সৃষ্টি হৈছে৷ ভাৰতৰ প্রথম তিনিখন সর্বাধিক প্রদূষিত চাহৰ হ’ল মধ্যপ্রদেশৰ ৰেৱা (৫১৭), ৰাজস্থানৰ নাৱা (২৪৯) আৰু উত্তৰাখণ্ডৰ ৰুদ্রপুৰ (২১৬)৷ তেনেদৰে তিনিটা কম প্রদূষিত স্থান হ’ল তামিলনাডুৰ কোড়াইকানাল (৫৪), হিমাচল প্রদেশৰ শ্বামশ্বি (৫৬) আৰু তামিলনাডুৰ উটী (৫৬)৷ প্রদূষিত বায়ুৰ দ্বাৰা শৰীৰত মাৰাত্মক ক্ষতি পৰিলক্ষিত হয়৷ শ্বাসকষ্ট বা বুকুৰ ধৰফৰণি, হাঁওফাঁওৰ পোৰণি, অত্যধিক কাহৰ লগতে চিঅ’পিডি, হাঁপানী আৰু ব্রংকাইটিছ ৰোগ হোৱাৰ আশংকা থাকে৷ বায়ুৰ প্রদূষিত কণা তেজত প্রৱেশ কৰিলে হার্ট এটেক, উচ্চ ৰক্তচাপ আৰু ষ্ট্রোকৰ আশংকা বৃদ্ধি পায়৷ বহুদিন ধৰি প্রদূষণৰ সংস্পর্শত থাকিলে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা কমি যোৱাৰ ফলত সংক্রমণৰ আশংকা বৃদ্ধি পায়৷ তদুপৰি, দীর্ঘম্যাদী প্রদূষিত পৰিৱেশে মানৱ দেহত আন বহু বিৰূপ প্রভাৱ পেলাব পাৰে৷ অবিৰাম মূৰৰ বিষ, বিৰক্তি আৰু বিষণ্ণতাৰ দৰে মানসিক স্বাস্থ্যজনিত সমস্যা পৰিলক্ষিত হয়৷ প্রদূষিত কণাই অন্তঃসত্ত্বা মহিলাৰ গর্ভস্থ সন্তানৰ বিকাশৰ স্বাভাৱিক গতিক বাধা দিব পাৰে৷ শিশুৰ হাঁওফাঁওৰ বিকাশৰ গতি কম হোৱাৰ লগতে শ্বাসজনিত প্রদাহে দেখা দিব পাৰে৷ ছালৰ সংক্রমণ, চকু ৰঙা পৰা, চকুত শুষ্কতাৰ সমস্যা, চকুৰে পানী পৰা আদি সাধাৰণ সমস্যাই আমনি কৰে৷
অতি উদ্বেগজনক কথাটো হ’ল বহুদিন ধৰি প্রদূষণৰ কবলত থাকিলে হাঁওফাঁওৰ কর্কটৰ আশংকা বাঢ়ে, আয়ুস কমি যায় আৰু জীৱন ধাৰণৰ মান অৱনমিত হয়৷ ২১ ফেব্রুৱাৰীত গুৱাহাটীৰ একিউআই ১৭, যি চিন্তাজনক৷ মহানগৰীৰ অম্বিকাগিৰী নগৰত ১৬২, বাঘৰবৰীত ১৮৪, পাণবজাৰত ১৬৫, ৰে’লৱে ক’লনীত ১৬৬, ৰুক্মিণী গাঁৱত ১৭৩, সাতগাঁৱত ১৭২ আৰু উলুবাৰীত ১৭৬৷ ২০২৩ বর্ষৰ একিউআই প্রতিবেদন অনুসৰি, গুৱাহাটী বিশ্বৰ দ্বিতীয় সর্বাধিক প্রদূষিত মহানগৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ pm2.5 মানৰ ২০ গুণ অধিক৷ অসমৰ সর্বাধিক প্রদূষিত চহৰকেইখনৰ প্রথম তিনিটা স্থানত আছে নলবাৰী (১৬৩), গুৱাহাটী (১৬১) আৰু নগাঁও (১৫৪)৷ গুৱাহাটীত প্রদূষণৰ মাত্রা ২০২৫ চনত হ্রাস পাই ২০২৪ বছৰৰ ৩৮সংখ্যক স্থানৰ পৰা ২১সংখ্যক স্থানলৈ উন্নীত হৈছে৷ উল্লেখ্য যে দেশৰ ৰাজধানী নতুন দিল্লীত ক্রমবর্ধমান প্রদূষণৰ হাৰ গভীৰ উদ্বেগজনক৷ চৰকাৰৰ অবিৰাম প্রচেষ্টা সত্ত্বেও প্রদূষণৰ হাৰ লক্ষণীয় ৰূপত হ্রাস পোৱা নাই৷ বিশেষকৈ দ্বীপান্বিতাৰ পাছৰ পৰা এই পৰিস্থিতিৰ অধিক অৱনতি হোৱা দেখা গৈছে৷ প্রদূষণৰ মাত্রা সর্বাধিক হ’লে যথাসম্ভৱ ঘৰতে থকা বাঞ্ছনীয়৷ প্রয়োজন হ’লে এন–৯৫ বা পি–১০০ৰ দৰে উন্নতমানৰ মাস্ক ব্যৱহাৰ কৰিব লাগে৷ বিশেষকৈ শিশু আৰু বয়স্থসকলে ঘৰতে ব্যায়াম কৰা উচিত৷ দূষিত বায়ুৰ পৰা হাত সাৰিবলৈ দুৱাৰ–খিৰিকী জপাই থ’ব লাগে৷ ঘৰ বা কার্যালয়ত হেপা ফিল্টাৰযুক্ত বায়ু পৰিশোধক যন্ত্র বা এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰা উত্তম৷ শ্বাস–কষ্ট, কাহ, সঘনে পানী লগা হ’লে অবিলম্বে চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷ অধিক মাত্রাত পানী খোৱাৰ উপৰি এণ্টি অক্সিডেণ্টসমৃদ্ধ ফল–মূল অথবা শাক–পাচলি খাদ্য তালিকাত ৰখা উচিত৷ বতাহৰ গুণমান জানিবলৈ এপ বা ৱেবছাইট ব্যৱহাৰ কৰিব লাগে৷ সেই অনুসৰি, দৈনন্দিন কর্মসূচী প্রস্তুত কৰা ভাল৷ ঘৰৰ ধূলি–বালি কমাবলৈ সঘনে পৰিষ্কাৰ কৰিব লাগে৷ ঘৰৰ ভিতৰত স্নেকপ্লাণ্ট বা পিচলিলিৰ দৰে গছ টাবত ৰুব পাৰি, এইসমূহে বতাহ পৰিশোধন কৰে৷ গাড়ী সমূহীয়াভাৱে ব্যৱহাৰ কৰিলে কম নির্গমন হ’ব৷ যথাসম্ভৱ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সহায় ল’ব লাগে৷ বৈদ্যুতিক যান–বাহন ব্যৱহাৰ কৰিলেও প্রদূষণ হ্রাস হোৱাত সহায় কৰে৷ বাহিৰৰ পৰা আহি ঘৰ সোমোৱাৰ পাছত ভালদৰে নাক–মুখ–চকু ধুব লাগে৷ নিমখ–গৰম পানীৰে কুলকুলি কৰিলে ডিঙি পৰিষ্কাৰ হয় আৰু শ্লেষ্মা কক্টৰ পৰা হাত সাৰিব পাৰি৷ দৰাচলতে এইক্ষেত্রত চৰকাৰৰ যথেষ্ট কৰণীয় আছে যদিও সচেতন নাগৰিকসকলে প্রদূষণ সৃষ্টি কৰিব পৰা কাৰকসমূহ এৰাই চলিলেহে ফল পোৱা যাব৷ জনসজাগতাই প্রদূষণ ৰোধৰ উত্তম উপায়৷