নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯০ নহয়, বিশ্বকাপৰ খেল হ’ব ৯৬ মিনিটৰ

১৬ বছৰ পাছত উক্ত মেচখনৰ পুনৰাবৃত্তি হ’ব৷ ১৯ জুলাইত অনুষ্ঠিত হ’ব খিতাপ যুঁজৰ মেচ৷ উল্লেখ্য যে অহা বর্ষৰ ফিফা বিশ্বকাপ ফুটবলত ৪৮টা দলে অংশগ্রহণ কৰিব

২০২৬ চনৰ ফিফা বিশ্বকাপ ফুটবলত বৃহৎ পৰিৱর্তন৷ নিয়ম অনুসৰি ফুটবল খেল এখনৰ সময় ৯০ মিনিট হ’ব লাগে৷ কিন্তু অহা বর্ষৰ ফিফা বিশ্বকাপৰ প্রতিখন মেচ হ’ব কমেও ৯৬ মিনিটৰ৷ অৱশ্যে সেই অতিৰিক্ত ৬ মিনিট খেলাৰ বাবে নহয়৷ মেচৰ মাজত বিৰতি হিচাপে আবণ্টন দিয়া হৈছে৷

২০২৬ চনৰ বিশ্বকাপত হাইড্রেচন ব্রেক হ’ব৷ গৰম দেশত ফুটবল মেচ খেলিলে হাইড্রেচন ব্রেক দিয়া হয়৷ এইবাৰ আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ফুটবল৷ উষ্ণতা অধিক হোৱাৰ লগতে প্রতিযোগিতাখনত বহুসংখ্যক মেচ দুপৰীয়াৰ ভাগত অনুষ্ঠিত হ’ব৷ সেইবাবেই হাইড্রেচন ব্রেক লোৱাটো গুৰুত্বপূর্ণ৷ এই কথা বিবেচনা কৰি ফিফাই এইবাৰ বিৰতি বাধ্যতামূলক কৰিছে৷

২০২৬ চনৰ বিশ্বকাপ ফুটবলৰ দুয়োটা অর্ধতে হাইড্রেচন ব্রেক লোৱা হ’ব৷ প্রতিখন মেচতে প্রতিটো অর্ধৰ ২২ মিনিটৰ পিছত হাইড্রেচন ব্রেক লোৱা হ’ব বুলি ফিফাই জনায়৷ এই বিৰতিৰ বাবে ৩ মিনিট সময় নির্ধাৰণ কৰা হৈছে৷ এই সিদ্ধান্ত খোৱাপানীৰ বাবে আৰু ফুটবলাৰসকলে জিৰণি লোৱাৰ বাবে৷

এইবাৰ আমেৰিকাৰ বেছিভাগ ষ্টেডিয়ামতে ছাডৰ লগতে এয়াৰ কণ্ডিচনাৰ আছে৷ অৱশ্যে মেচখনত দুটা হাইড্রেচন ব্রেক দিয়া হ’ব৷ ফলত, মেচসমূহ ৯৬ মিনিটৰ হ’ব৷ ইয়াৰ উপৰিও আঘাতৰ সময় যোগ কৰা হ’ব৷

উল্লেখ্য যে অহা বর্ষৰ ১১ জুনৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতা৷ প্রথমখন খেলত দক্ষিণ আফ্রিকাই আয়োজক মেক্সিকোৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ২০১০ চনৰ বিশ্বকাপৰ উদ্বোধনী মেচখনতো দক্ষিণ আফ্রিকাই মেক্সিকোৰ মুখামুখি হৈছিল৷

১৬ বছৰ পাছত উক্ত মেচখনৰ পুনৰাবৃত্তি হ’ব৷ ১৯ জুলাইত অনুষ্ঠিত হ’ব খিতাপ যুঁজৰ মেচ৷ উল্লেখ্য যে অহা বর্ষৰ ফিফা বিশ্বকাপ ফুটবলত ৪৮টা দলে অংশগ্রহণ কৰিব৷

ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ

You might also like