নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলত ভাল খেলিলেও ঈশান-শ্ৰেয়াছৰ বাবে বন্ধ টীম ইণ্ডিয়াৰ দুৱাৰ

বিশেষ বাৰ্তা, ৪ মার্চ : ঘৰুৱা ক্রিকেট তথা ৰঞ্জি ট্রফীক ৰক্ষা কৰাৰ বাবে বৃহৎ পদক্ষেপ গ্রহণ কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ সংস্থাটোৱে পূর্বে সদৰী কৰিছিল যে ব’ৰ্ডৰ সৈতে চুক্তিবদ্ধ ক্রিকেটাৰসকলে অৱসৰৰ সময়ত ঘৰুৱা ক্রিকেট খেলিবই লাগিব৷ বিশেষকৈ ৰাষ্ট্রীয় দলৰ তিনিওটা ফর্মেটত যিসকল ক্রিকেটাৰে নিয়মীয়াভাৱে নেখেলে, তেওঁলোকৰ ক্ষেত্রত এই নিয়ম অধিক কঠোৰভাৱে বলৱৎ হ’ব৷ কিন্তু বিচিচিআইৰ সেই নির্দেশ অমান্য কৰিছে শ্রেয়াছ আয়াৰ আৰু ঈশান কিষণে৷ শ্রেয়াছে আঘাতৰ অজুহাতত ৰঞ্জি নেখেলিলেও কলকাতা নাইট ৰাইডার্ছৰ শিবিৰত যোগদান কৰিছে৷ আনহাতে, ঈশানেও ৰঞ্জি নেখেলি আইপিএলৰ প্রস্তুতিৰ বাবে খেলিছে অফিচ লীগত৷ ভাৰতীয় দলৰ সৈতে যুক্ত নথকা সত্ত্বেও প্রথম শ্রেণীৰ ক্রিকেট নেখেলাত ব’ৰ্ডৰ কোপদৃষ্টিত পৰে ক্রিকেটাৰ দুগৰাকী৷ টীম ইণ্ডিয়াৰ দুই ক্রিকেটাৰৰ এনে মানসিকতা একেবাৰেই মানি ল’ব পৰা নাই বিচিচিআয়ে৷ দুয়োজনকে ইতিমধ্যে কেন্দ্রীয় চুক্তিৰ পৰা বাদ দিয়া হৈছে৷ এতিয়া জানিব পৰা গৈছে যে ঈশানহঁতৰ বাবে ৰাষ্ট্রীয় দলৰ দুৱাৰো বন্ধ হৈ পৰিছে৷ এক সর্বভাৰতীয় সংবাদ মাধ্যমৰ দাবী অনুসৰি ব’ৰ্ডৰ এজন কর্মকর্তাই জনাইছে যে ঘৰুৱা ক্রিকেট নেখেলা বাবে ঈশানহঁতক আইপিএলৰ পিছতো ৰাষ্ট্রীয় দলৰ বাবে ভবা নহ’ব৷ অর্থাৎ টি–২০ বিশ্বকাপত তেওঁলোকৰ দললৈ ওভতাৰ পথ একপ্রকাৰ বন্ধ হৈ পৰিছে৷ সেইগৰাকী কর্মকর্তাই কয়– ঈশানহঁতৰ প্রতিভাক লৈ ব’ৰ্ডৰ কোনো সংশয় নাই৷ অৱশ্যে ৰাষ্ট্রীয় দললৈ উভতিবৰ বাবে তেওঁলোকে আগতে ঘৰুৱা ক্রিকেটলৈ উভতিব লাগিব৷ ঘৰুৱা ক্রিকেটত উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷ ঘৰুৱা ক্রিকেটত নিয়মীয়াকৈ খেলিলে শ্রেয়াছহঁতে ব’ৰ্ডৰ চুক্তিলৈও উভতিব পাৰে৷ এনে ইংগিতে দিছে ভাৰতীয় ক্রিকেট ব’র্ডে৷ উল্লেখ্য যে ব’ৰ্ডৰ এনে কঠোৰ স্থিতিৰ পিছতে মুম্বাইৰ হৈ ৰঞ্জি ট্রফীৰ ছেমি ফাইনেল আৰু ফাইনেল খেলাৰ সিদ্ধান্ত লয়৷ কিন্তু ঘৰৰ মাটিত তামিলনাডুৰ বিৰুদ্ধে ছেমিফাইনেলতো ৰান পাবলৈ সক্ষম নহ’ল শ্রেয়াছে৷ প্রথম ইনিংছত তেওঁৰ বেটৰ পৰা আহে ৩ ৰান৷ আজিংক্য ৰাহানেৰ দলৰ হৈ ৬ নম্বৰত বেটিং কৰিবলৈ নামিছিল শ্রেয়াছ৷ উল্লেখ্য যে এদিনীয়া বিশ্বকাপৰ প্রায় প্রতিখন মেচতে ভাল ৰান কৰি দলক ভৰসা দিছিল শ্রেয়াছে৷ বিশ্বকাপৰ ১১খন মেচত তেওঁ মুঠ ৫৩০ ৰান কৰিছিল৷ দুটা শতৰানো আহিছিল তেওঁৰ বেটৰ পৰা৷ ইয়াৰ পিছৰে পৰা এটাৰ পিছত আনটো শৃংখলা ভংগৰ অভিযোগ উত্থাপিত হৈছে শ্রেয়াছৰ বিৰুদ্ধে৷

You might also like