নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন ক্ষেত্ৰত জুনিয়ৰ হকী বিশ্বকাপৰ ট্ৰফী : আশীৰ্বাদ গ্ৰহণ পৰিচালনা কমিটীৰ

হকী বিশ্বকাপত ২০২১ চনত অসমত অনুষ্ঠিত কৰাৰ কথা আছিল আৰু থীম ছং মৰমৰ শিল্পী জুবিন গাৰ্গেই কণ্ঠদান কৰাৰ কথা আছিল

অহা ২৮ নৱেম্বৰৰ পৰা তামিলনাডুত অনুষ্ঠিত হ’বলৈ গৈ আছে জুনিয়ৰ হকী বিশ্বকাপ আৰু তাৰ পূৰ্বে দেশৰ বিভিন্ন স্থানত হকী বিশ্বকাপৰ ট্ৰফী প্ৰদৰ্শন কৰোৱা হৈছে।

আজি হকী বিশ্বকাপৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা পৰিচালনা কমিটীৰ এটা দল ট্ৰফী লৈ উপস্থিত হয় সোণাপুৰৰ জুবিন ক্ষেত্ৰত।

১৬ কেজি ওজনৰ সোণৰ ট্ৰফী লৈ জুবিন ক্ষেত্ৰত উপস্থিত হয় দলটি। জুনিয়ৰ হকী বিশ্বকাপত ভাৰতৰ দলেও অংশগ্ৰহণ কৰিছে।

এই হকী বিশ্বকাপত ২০২১ চনত অসমত অনুষ্ঠিত কৰাৰ কথা আছিল আৰু থীম ছং মৰমৰ শিল্পী জুবিন গাৰ্গেই কণ্ঠদান কৰাৰ কথা আছিল।

কিন্তু কভিড মহামাৰীৰ বাবে বাতিল কৰা হৈছিল প্ৰতিযোগিতাখন। সেয়েহে ভাৰতীয় দলৰ হৈ জুবিন ক্ষেত্ৰত উপস্থিত হৈ আগন্তুক প্ৰতিযোগিতাৰ বাবে জুবিন গাৰ্গৰ আশীৰ্বাদ লয় বিশ্বকাপ পৰিচালনা কমিটীয়ে।

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ২১ নৱেম্বৰ 

You might also like