নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাই এয়াৰ শ্ব’ত অঘটন : ভূ-পতিত তেজছ যুঁজাৰু বিমান

ডুবাই এয়াৰ শ্ব’ চলি থকা অৱস্থাতে আজি ভাৰতৰ এখন তেজছ যুঁজ বিমান ভূপতিত হয়। ফলত বিমানখনৰ পাইলটজনৰ মৃত্যু হয়। ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে আকাশত উৰি থকা অৱস্থাত তেজছ বিমানখন অকস্মাৎ তললৈ নামি আহি ভবপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰে আৰু বিস্ফোৰিত হয়। লগতে ভয়ংকৰ জুইৰ শিখা দেখা যায়।

ঘটনাটো স্থানীয় সময় অনুসৰি আবেলি ২:১০ বজাত ঘটে, যেতিয়া হাজাৰ হাজাৰ লোক তেজছৰ চমকপ্ৰদ কৌশল উপভোগ কৰি আছিল। আকাশত উৰা মৰাৰ সময়তে পাইলটজনে দেশত নিৰ্মিত LCA তেজছৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু বিমানখন তীব্ৰগতিত ভূ-পতিত হয়। এই দুৰ্ঘটনাৰ পিছত ডুবাই এয়াৰ শ্ব’ সাময়িকভাৱে বন্ধ কৰা হৈছে।

ভাৰতীয় বিমানবাহিনীয়ে ডুবাইত তেজছ বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা নিশ্চিত কৰিছে। IAF-এ সদৰী কৰা অনুসৰি “ডুবাই এয়াৰ শ্ব’ ২০২৫-ত ভাৰতীয় বিমান বাহিনীৰ এখন তেজছ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে।

ইয়াৰ পূৰ্বে ২০২৪ চনত জয়ছালমেৰৰ ওচৰত প্ৰথমবাৰ তেজছ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ডুবাই এয়াৰ শ্ব’ দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় আৰু ই বিশ্বৰ আটাইতকৈ বৃহৎ এয়াৰ’স্পেচ অনুষ্ঠানসমূহৰ অন্যতম। ইয়াত ১৫০ দেশৰ ১,৫০০ৰো অধিক প্ৰতিষ্ঠান আৰু ১,৪৮,০০০ৰো অধিক বিশেষজ্ঞই অংশগ্ৰহণ কৰে।

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰ

You might also like